ফাগুন- বিকাশ টাইদ

©Admin
0
ফাগুনৰ পছোৱা বতাহজাকে মোক বৰকৈ আমনি কৰিছে,
লৃগাঙৰ গুমৰাগ ঢোলৰ চেও আজি মোৰ বুকুত বাজিছে।

ঐ কনেং, আহিবা দেই আলি আ:য়ে লৃগাঙলৈ
মই ৰৈ থাকিম তোমালৈ বুলি বেদনা তিনি আলি সন্মুখত,
তুমি বৈ দিয়া মিবুগালুকটি পিন্ধি।

তুমি কিন্তু নহাকৈ নাথাকিবা কনেং,
নহ'লে যে সেইদিনটো মোৰ বাবে বিষাদৰ আলি আ:য়ে লৃগাং হৈ পৰিব।

বুকুত মোৰ বিষাদৰ জুই জ্বলিব,
সেয়েহে তুমি নহাকৈ নাথাকিবা কনেং।
লৃগাঙতে দুয়োৰে দুয়ো বুকুত সাবতি সুখ দুখৰ মনৰ কথা পাতিম কনেং।
দুয়োৰে আপঙৰ ৰাগীত মতলীয়া হৈ গুমৰাগ নৃত্যত হালি জালি নাচিম কনেং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)