ভোগদৈ-দেৱযানী পূজাৰী

©Admin
0
কাৰশলা সাপডালৰ দৰে বগুৱা বাই
নগা পাহাৰৰ পৰা ওলাই আহে
নিৰৱ ছিন্ন এক গতিৰে
মোৰ নিচেই আপোন ভোগদৈ
তোমাৰ গাতে লাগি আছে আপোন চহৰখন
শুই আছে মোৰ বহু আত্মীয়,
তোমাৰ লাহী পাহী কোমল দেহাত
কহুৱাই হালি -জালি থকা দুয়োপাৰ
ৰ'দৰ জিলিঙনিত সাৰ পাই উঠে
  সমস্ত সত্বা তাইৰ
তাই আজিও দেখোন
বৰ চঞ্চলা গাভৰু জনী দৰে হৈয়ে আছে
শিল ধুমুহাই,
ৰ'দত পুৰি থাকে যেন তাইৰ দেহা,
ঢলে খহাই লৈ যায়  গৰা,
তথাপি তুমি তুমি হৈয়ে থাকা 
আপোন ভোগদৈজনী
তোমাৰ যেন নাই অকনো দুখ ভাগৰ
তোমাৰ সমস্ত অনুভুতিৰে
সজীৱ হৈ থাকে মোৰ
 আত্মীয় সকলৰ  চিতা
হে স্নেহশীলা ময়ী বহু জনৰ
সোঁৱৰণী ফুল হৈ ফুলি আছা
এক অফুৰন্ত প্ৰেমৰ নিজৰা
অশান্ত মনক শান্ত কৰিবৰ বাবে
ভোগদৈ পাৰত বহো এবাৰ
তাইৰ মৰম স্নেহ আকোঁৱালি লৱলৈ
তাইৰ সান্নিধ্যত উত্তাৱল হৈ পৰো
শান্তিৰ সুবিমল বাৰ্তা কঢ়িয়াই আনে
বুকু ভৰা পলসুৱা গোন্ধ টোৱে!
মোৰ ভাল লগা হৈ পৰে,
এন্ধাৰ নিশাও শুনো বহু দুৰৰ পৰা
স্নেহময়ী ভোগদৈ প্ৰাণৰ স্পন্দন।
য'ত সৃষ্টি হয় এক শব্দ,
যি শব্দই আনে এক সত্য
ময়ো এদিন ধুনীয়া  সাঙীত উঠি
তোমাৰ পাৰত জীৰোৱাৰ বৰ ইচ্ছা
তোমাৰ সান্নিধ্যত  সদায় উত্তাৱল।
 চেনেহৰ  আপোন ভোগদৈখন।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)