মদত মুগ্ধ-শিল্পী দাস

©Admin
0
মদত মুগ্ধ আজি বিশ্ববাসী
আপোন কৰিলে নিজতকৈও বেছি ।
ঘৈণীয়েক, বোৱাৰী, সন্তান,মা, দেউতা
ম'দৰ বাবে হৈছে সস্তাতকৈও সস্তা।
আপোনতকৈও আপোনবোৰক
পাহৰি গৈছে মদৰ গ্ৰাসে,
কঢ়িয়াই গৈছে মৃত্যুৰ কোলাত
নিজৰ লগত আৰু দহজনকে।
আজি নিচাযুক্ত পৰিৱেশ
আমাৰ ভাৰতৰ অসম দেশ,
দিন-ৰাতি এক কৰি
টকা উৰাই ফূৰি আছে।
ধ্বংস হৈছে অজস্ৰ পৰিবাৰ
লুটিয়াই ৰাস্তাত বহি ভিক্ষা মাগিছে,
কাৰণ মাথোঁ এটাই
নিচাযুক্ত ম'দে গ্ৰাস কৰিছে।
অন্ধ হৈ পৰিছে নিচাৰ দেশত 
কোটি কোটি টকা নষ্ট কৰিছে;
ধনী-দুখীয়া, উচ্চ-নীচ বুলি
কোনো ভেদাভেদ ৰখা নাই
ম'দক আকোঁৱালি লৈছে!
 অকাল্পনিক যাদু-মন্ত্ৰই চাগে
সকলোকে বশ কৰিছে।
মাকৰ লগত আচৰণ
মাৰিব নে কাটিব,
যি সন্তানে মা মা বুলি
প্ৰাণ হেৰাইছিল এটা সময়তে -
আজি ম'দৰ বাবে
সকলো পাহৰি গৈ শূন্য কৰিলে।
নষ্ট কৰিছে নিজকে
ঘৰখনও বোমা দি উৰাই দিছে
এই ম'দৰ বাবে।
আজি ম'দত মুগ্ধ সকলোৱে
ফুৰিছে অলিয়ে-গলিয়ে,
ম'দকেই আকোঁৱালি লৈ
আগুৱাই গৈছে জীৱনৰ বাটে।

                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)