সোঁৱৰণিত তেইছ•মনস্বিনী শৰ্মা

@admin
0
বছৰৰ প্ৰথমতেই জানুৱাৰী মাহত ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষ্যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যুৱ অধিৱেশনত অংশগ্রহণ। ডিব্রুগড় বিশ্ববিদ্যালয়ৰ 'জ্ঞানমালিনী ৰেডিঅ' ৰ 'সাহিত্য পৰিক্ৰমা' অনুষ্ঠানত স্বৰচিত গল্প-কবিতা বাণীবদ্ধ কৰোঁ।ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বিভাগীয় চ'ৰাৰ আলোচনী সম্পাদকৰ দায়িত্ব গ্রহণ। ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহত অর্থনীতি বিভাগৰ প্ৰাচীৰ পত্রিকা 'অনন্যা', বিভাগীয় 'Creativity Corner Board' ৰ সম্পাদকৰ দায়িত্ব বহন। সৰুৰে পৰা মাইক্রফ'নটো লৈ অহাৰ অভ্যাস। সেই অভ্যাসকে অনুগত কৰি বিভাগ আৰু হোষ্টেলৰ কেইবাটাও কার্য্যসূচীত ঘোষিকাৰ দায়িত্ব পালন। কলমটো খামুচি অপৰিপক্ক জ্ঞানেৰে অনুভৱক শব্দৰে সজোৱাৰ আখৰা চলি আছে। তাৰে ফলশ্ৰুতিত ২০২৩ ৰ বুকুত বিভিন্ন আলোচনী, বাতৰি কাকত, ৱেবচাইটত কবিতা, গল্প, প্ৰৱন্ধৰে ২০ টা লেখা প্রকাশ। (বাকী হিচাপৰ আওতাত নধৰাকৈ অনুভৱৰ ডহেচীয়া কথাৰ মালিতাবোৰ বিভিন্ন মাধ্যমত প্ৰকাশ কৰি থাকোঁ) বিভাগৰ হৈ মাজুলীৰ বানপীড়িত অঞ্চলত আর্থিক-সামাজিক দিশৰ জৰীপ প্ৰস্তুত।বছৰটিক বিদায় জনোৱাৰ ক্ষণত পোৱা- নোপোৱাৰ সৰু-বৰ হিচাপেৰে খতিয়ান এখন প্রস্তুত কৰোঁ। অথচ নোপোৱাবোৰৰ বাবে, হেৰুৱাবোৰৰ বাবে নাথাকে আক্ষেপ কিম্বা পোৱাবোৰৰ বাবে ৰৈ নাযায় অহংকাৰ। ২৩ ৰ সময় বিশ্ববিদ্যালয়ৰ জীৱনেৰে ভৰুণ সময়। জীৱনৰ বাজেটত ৰাহি আৰু ঘাটি আহি থাকে। ২৩ ক কি দিলোঁ নাজানোঁ, ২৩ য়ে উখোৰা-মোখোৰা বাটত নিজৰ ভৰষাৰে সমুখলৈ চাই খোজ কাঢ়িবলৈ শিকালে। ৰৈ যোৱাটো যে এক বিফলতা ২৩ য়ে বুজালে। নিজক নিজে ভালপাবলৈ কাৰণ দিলে, সুযোগ দিলে। অচিনাকী নতুন কথা-কাহিনী-গল্পৰে ২৩ য়ে অভিজ্ঞতাৰ বৃহৎ টোপোলা দিলে। ২৩ য়ে নিজক নিজৰ বাবে কুশলে ৰাখিবলৈ শক্তি দিলে। মানসিক স্থিৰতা বৃদ্ধি কৰিবলৈ ২৩ য়ে মোৰ পৰীক্ষা ল'লে।তিতা-মিঠা অভিজ্ঞতাৰে জীপাল দুই হেজাৰ তেইছ। ২৩ য়ে মোক সজাই তুলিলে।
২৩ ৰ বাবে কৃতজ্ঞতাৰ শৰাই।
আৰু ২৪ ৰ বাবে আশাৰ সফুৰা...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)