একেবাৰে নিথৰুৱা হৈ পৰিছিলো
নিজৰ আপোন বুলিবলৈও
মোৰ কাষত কোনো নাছিল
সকলোৱে মোক এলাগী কৰিছিল।
নিজৰ ভোক আঁতৰাবলৈ
যত তত পৰি থকা বস্তুবোৰ খাই
অনাই বনাই ঘূৰি ফুৰিছিলো
দুচকুৰে প্ৰতি মূহুৰ্ততে যে
ভোকৰ চকুলো নিগৰি আহিছিল ।
তেতিয়া অকণমান সহানুভূতি দেখুৱাই
এহাল দম্পতিয়ে মোক লৈ আহিছিল
থাকিবলৈ ঠাই দিছিল তেওঁলোকে
তেনেকৈ লাহে লাহে দিনবোৰ পাৰ হৈছিল।
কিন্তু সময়ৰ লগে লগে সকলো সলনি হ'ল
তেওঁলোকৰ ঘৰত মই এজনী
বনকৰা ছোৱালী হৈ পৰিলোঁ
ৰাতিপুৱাৰ পৰা ৰাতিলৈকে
সকলো কাম কৰিও মই
অকণমানো মৰম নাপাওঁ
এষাৰ মৰমৰ মাত দিবলৈও
তেওঁলোকে ইমান কৃপণালি কৰে।
আজি হয়তো মোৰ মা দেউতা থকা হ'লে
মই আনৰ ঘৰত বনকৰা ছোৱালী হৈ থাকিব নালাগিল হয়
মোৰ সৰু সৰু আশা আৰু
সপোনবোৰ মৰহি গ'ল
সৰুতেই মই বনকৰা ছোৱালী হৈ পৰিলোঁ
আনৰ বাবে সকলো কৰিও
শেষত সকলোৰে গৰিহণা পাওঁ
কাৰণ মইযে এজনী বনকৰা ছোৱালী।
✍️দিপশিখা ৰাজকোঁৱৰ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ