ভালপোৱাৰ এচমকা জোনাক-কল্পনা বৰা

©Admin
0
আপুনি হাঁহিলেই মোৰ হৃদয়ত ফুলে তেজৰঙী এপাহ গোলাপ
আপুনি বুলিলেই দুচকুলৈ নামে হাঁহিৰ এচমকা জোনাক;
আপোনাক ধিয়ালেই মোৰ আশে পাশে বিয়পে
আপুনি আপুনি যেন লগা মিঠা সুবাস।
       তেন্তে,
       মইনো কেনেকৈ নকওঁ
          মোৰ মৰুদ্যান হৃদয়ত ফুলি উঠা
              আপুনি অংশুমালাৰ এপাহি কৃষ্ণচূড়া বুলি ! 
শুষ্ক হৃদয়ত জ্যোৎস্না হোৱা
    আপুনিয়েই প্ৰাণৰ প্ৰিয়া বুলি
         মই জানোঁ নুবুজাকৈ থাকিব পাৰি ! 

উদং বুকুখনত ভালপোৱাৰ দলিচা পাৰিছোঁ,
ঠিক তৰাবোৰে আকাশৰ বুকুত
আলোকৰ ঘৰ সজাৰ দৰেই ।
যদি আপোনাৰ নামত বৈ যাব পাৰে
      দেহৰ শিৰে শিৰে প্ৰেমৰ নদী,
           তেন্তে, 
              মইনো কেনেকৈ বান্ধি ৰাখোঁ
                    দুটি মন এক হোৱাৰ প্ৰতিশ্ৰুতি ? 
সেউজীয়া বিৰিখৰ হালধীয়া হাঁহি হ'ব আপুনি,
         মই এজাকি বতাহ হৈ আপোনাক চুমিম ।
এখনি সাগৰ হৈ মোলৈ চাই মিচিকিয়াব আপুনি,
       মই নীল তৰংগিনী হৈ আপোনাৰ বুকুলৈকে ব'ব খুজিম।
আপুনি দুবৰি হ'ব
      মই নিয়ৰৰ টোপাল হৈ সাৰ পাম আপোনাৰ বুকুত।
আপুনি শেৱালী হ'ব
       মই সুগন্ধি হৈ বিলীন হ'ম আপোনাৰ দুচকুত।

              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)