ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ২২ ▪️নবীন চন্দ্ৰ মেধি

@admin
0
জানুৱাৰী মাহ পালেহিয়েই । জীৱনৰ ৪৩ টা বসন্ত পাৰ হৈ গ'ল । বছৰৰ প্ৰথম দিনটোতেই নিৰ্মল কুমাৰ শৰ্মাৰ জন্ম হৈছিল । চৰকাৰী তথ্য অনুসৰি ১৯৮১ চনৰ ১ জানুৱাৰীত জন্ম হৈছিল । ঠিক ১৯৯৮ চনলৈকে সি নিজেই গম পোৱা নাছিল যে তেওঁৰ জন্ম বছৰৰ প্ৰথম দিনটোতেই হৈছিল । সেই বছৰতেই সি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বহিছিল । পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অনাৰ সময়তহে সি গম পাইছিল যে তাৰ জন্ম এক জানুৱাৰী , ১৯৮১ চনত হৈছিল । কেইবছৰমান সি জন্ম দিন পালন কৰিছিল যেতিয়া সি কলেজত পঢ়া শুনা কৰি আছিল । গ্ৰীটিংছ কাৰ্ড পঠাইছিল বহুতে । লগৰ বন্ধু বান্ধৱী কেইগৰাকীমান নিমন্ত্ৰণ কৰিছিল আৰু বছৰৰ আৰম্ভণিতে সকলোৱে লগে ভাগে এসাঁজ খাবলৈ পাই সকলোৱে ভাল পাইছিল । সেইসময়ত এতিয়াৰ দৰে বনভোজ খাই ঘুৰি ফুৰা নাছিল । সেইসম‌য়ৰ বন্ধু বান্ধৱীৰ তালিকাত থকা বেছিভাগেই এতিয়া অসম চৰকাৰৰ চাকৰিয়াল । মাত্ৰ দুই তিনিজনৰ হে চাকৰি নহ'ল । 

প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া-শুনা কৰা বন্ধু বান্ধৱী সকলৰ ভিতৰত এজনৰো এই পৰ্যন্ত চাকৰি হোৱা নাই । উচ্চ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া-শুনা কৰা বহুতৰে চাকৰি হৈছিল । উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী ল'বলৈ যোৱাৰ সময়ত লগ পোৱা লগ পোৱা বন্ধু বান্ধৱীসকল এতিয়া ডাঙৰ মানুহ । উকীল, প্ৰফেছাৰ , ইঞ্জিনিয়াৰ , বি এছ এফ , চি আৰ পি এফ , সাংবাদিক , বেংক কৰ্মচাৰী , জীৱন বীমা নিগমৰ এজেণ্ট বা অভিকৰ্তা আৰু শিক্ষক হিচাপে বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে । সি নিজেও বহুত বছৰ শিক্ষকতা বৃত্তিৰে জড়িত হৈ পৰিছিল । তাৰ লগতে ২০০৯ চনত ছাহাৰাৰ এজেণ্ট হিচাবে যোগদান কৰিছিল আৰু অৱশেষত ২০১৮ চনত সি ভাৰতীয় জীৱন বীমা নিগমৰ সৰুপথাৰ শাখাৰ এজেণ্ট হিচাবে যোগদান কৰিছিল । সেই বছৰতেই সি মেস্ট্ৰ স্কুটি এখন লৈছিল। গোলাঘাট জিলাৰ পঞ্জীয়ন । স্কুটিখন লোৱাৰ বাবে তাৰ সুবিধা হৈছিল । গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল সি । এল আই চি ছাহাৰা আদিৰ লগতে পান কাৰ্ডৰ কামো কৰিছিল । মোটামুটি ভাৱে ব্যৱসায় ভালেই হৈছিল । এতিয়া এজেণ্টৰ সংখ্যা বৃদ্ধি হ'ল । গতিকে লাভজনক নোহোৱা হৈ পৰিছিল । যোৱা দুবছৰে ছাহাৰা ইণ্ডিয়া পৰিবাৰ কোম্পানীৰ কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ লেনদেন নোহোৱাৰ ফলত ছাহাৰাৰ আশা এৰিব লগীয়া হৈছিল । এতিয়া এল আই চি ৰ পৰাও উপাৰ্জন নোহোৱা হ'ল । গতিকে সকলো বাদ দি এতিয়া দোকান আৰম্ভ কৰাৰ কথা চিন্তা কৰিছিল । এতিয়া ছাৰৰ সলনি দোকানী হ'লহি । 
  
আগৰ দৰে এতিয়া আৰু সি জন্ম দিনৰ আয়োজন নকৰা হ'ল । ফেচবুকৰ জড়িয়তে প্ৰিয় বন্ধু বান্ধৱীসকলে জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে । জন্ম দিন আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন তাতেই সীমাবদ্ধ হ'ল ।

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)