ফাগুন - কল্পনা বৰা

©Admin
0
(১)
নতুনত্বৰ সন্ধানেৰে ৰাঙলী সুৰুযলৈ হাত মেলাৰ ক্ষণতে
ফাগুন আহে এমুঠি জিলমিল সপোন কঢ়িয়াই ।
একাঁজলি ৰ'দ হৈ আন্ধাৰবোৰ মচাৰ পৰত
বাউলি পছোৱাজাকৰ আলিঙ্গনেৰে
শুষ্ক মতীয়া পাতবোৰৰ খচমচনিৰ বেলাতেই
টোপনিত লালকাল বেদুইনী সপোনে সাৰ পাই উঠে।
হয়,এয়া যে ফাগুন আহিছে...
ধূলিয়ৰী বাটেৰে....
সৰাপাতৰ লয়লাসৰ তালে-তালে..!
(২)
উৰুঙা মনত আজি কিহৰ বাৰ্তালাপ!
কাৰ পৰশত জাগি উঠে তেজত জোৱাৰ!
ফাগুনে জোনাকীৰ পাছে পাছে দৌৰে
প্ৰাপ্তিৰ ৰঙা পোহৰ খেদি 
আন্ধাৰবোৰ এৰি নৱ আলোকেৰে...,
এটি নতুন আশা, নতুন কিৰণক চুই চোৱাৰ আপাহত
দুনয়নত সিঁচে ধ্বংসৰ পাছতো নৱসৃষ্টিৰ বীজ ।
(৩) 
লঠঙা বিৰিখৰ শোকৰ গীতত ম্ৰিয়মান ফাগুনে
ভালপোৱাৰ ঠিকনা আনি প্ৰেমৰ ৰঙাখিনি সিঁচে
কৃষ্ণচূড়া,পলাশ,শিমলু,মদাৰৰ গালে-মুখে।
কোনে শুনে সৰাপাতৰ দুখৰ বিননি?
কোনে দেখে শুকান পাতৰ নিশ্চুপ কান্দোন?
তথাপি যে ফাগুনৰ বুকুতে
কুঁহি মেলে(সাৰ পায়) বসন্তৰ স্বপ্নাতুৰ মনে ,
অৱস মন জীপাল কৰি
নতুনত্বক আদৰাৰ সুযোগ দিয়ে ফাগুনে..
কাঁইটীয়া এটি এটি সপোনে কমোৱা তুলা হৈ উৰে।
নৈৰ পাৰৰ শুকুলা কঁহুৱাবনৰ হাঁহিৰ খিলখিলনিত
ভাগৰুৱা মনৰ নিৰাশাবোৰ উৰি যায় 
বতাহৰ লহৰে লহৰে ।
(৪)
ফাগুনৰ কোঁহে কোঁহে সৃষ্টিৰ পাণ্ডুলিপি,অভিনৱ প্ৰকৃতি ।
সম্প্ৰীতিৰ মালাধাৰী গাঁঠি
ৰঙৰ ফাঁকুৱে চৌপাশ সজাই
কঢ়িয়াই আনে অনাগত ক্ষণলৈ ৰঙীন বাৰ্তা,
ঐনিতমৰ মিঠা সুৰ 
সমীৰজাকত গুঞ্জৰিত হৈ
ফাগুনে কঢ়িয়াই লৃগাঙৰ বতৰা ।
ঢোলৰ চেৱে চেৱে গুমৰাগ নৃত্য 
প্ৰাণ পাই আকাশে-বতাহে ,
এটি মিঠা সুৰ হৈ 
হৃদয়ৰ এচুকত থুপ খোৱা বোবা বেদনাবোৰ উৰে ।
হয়, এয়ে ফাগুন 
কঢ়িয়াই আনে কৃষকৰ সেউজীয়া সপোন।
(৫)
ফাগুন,যেন তমসাৰ বিদায় বেলা
আন্ধাৰৰ পৰা পোহৰলৈ বৈ পৰা সুৰুযমুখী এটি স্বপ্ন,
ফাগুন, তুমি যেন হৃদয়লৈ প্ৰসাৰিত হোৱা
এটি সেউজীয়া শীতল উশাহ;
তোমাৰ দুবাহুত নীলা সপোন এটিয়ে মূৰ দাঙি নৱতম স্বপ্নৰ খোপনি পুতিব 
বেলিটি তেজৰঙা হৈ পূবাআকাশত নতুনকৈ ওলাব।
(৬)
ফাগুন! 
নহ'বা তুমি নিষ্ঠুৰ
নল'বা তুমি ধ্বংসকাৰী ৰূপ
কলীয়া মেঘৰ ওৰণিৰ আঁৰত আন্ধাৰবোৰ লুকুৱাই
তুমি ছটিয়াবা নতুন আশাৰ কিৰণ
আৰু আমি আগুৱাম তোমাৰ দুহাত ধৰি
এটি এটি ন সপোন বুকুত বান্ধি ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)