এজাক ধূলিয়ৰি বতাহে
কাণে কাণে কৈ গ'ল-
তালৈ আৰু নাযাবা
তুমি আজি অপাংক্তেয় ।
দুৰ্যোধনহঁতৰ উলঙ্গ নৃত্যৰ
দপদপনিত বতাহ
এতিয়া ধূলিময় ।
ৰাজ্য আৰু পতিপত্তি
লাভৰ আনন্দত
সিহঁত আজি মদমত্ত ।
সিহঁতৰ নাগপাশত
ময়ো আজি
ঠিকনাবিহীন যাযাবৰ ।
ঈশ্বৰকো কৰিব খোজে
সিহঁতে পদদলিত ।
মধযুগীয় বৰ্বৰতাৰ
পৈশাচিক আনন্দত
চৌপাশৰ বতাহ
আজি প্ৰদুষিত ।
সিহঁতৰ অন্তৰাত্মাত
আজি ডাঠ শেলাইৰ তৰপ ।
কোনো সন্ত-মহন্ত
যোগীৰ বাণী অথবা
মহামহোপাধ্যায় পণ্ডিতৰ
পাণ্ডিত্যৰ চাতুৰালি
তাত আজি অসাৰ ।
সিহঁতৰ বাল্মীকিত্ব
মোৰ সপোন
হয়তো সপোন হৈয়ে
থাকি যাব ।
সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ