বেবেৰিবাং

Rinku Rajowar
0
ৰাৱনে হৰণ কৰি নিয়া সীতাক উদ্ধাৰ কৰিবলৈ ৰামে বানৰ সেনাৰ সহায়ত ৰামেশ্বৰমৰ পৰা লংকালৈ সেতু বান্ধিছে ।হেজাৰ হেজাৰ বানৰে বৰ বৰ শিলবোৰ আনি সাগৰত এৰি দিয়াৰ লগে লগে উপঙি উঠিছে । সিফালে ৰাৱনৰ সেনাই এই খবৰ পাই ৰামৰ সৈতে যুদ্ধ নকৰো বুলি হাত দাঙি দিলে । কাৰন-যাৰ নামত সাগৰত শিলো উপঙে তেওঁ নিশ্চয় ভগৱান হ'বই লাগিব ! গতিকে ভগৱানৰ লগত যুদ্ধ কিয় আৰু কেনেকৈ কৰিব ? সৈন্য সকলে ৰাৱনক ৰামৰ সৈতে যুদ্ধ নকৰে বুলি স্পষ্টকে জনাই দিয়াৰ লগে লগে ৰাৱন শিল পৰা কপৌ যেন হ'ল । ৰামৰ লগত যুদ্ধ নকৰিলে ৰাৱনৰ সন্মান ক'ত থাকিব ? এতিয়া কি কৰা যায়-তাকে চিন্তা কৰি কৰি ৰাৱনৰ ৰাতিটো টোপনি নাহিল । পিছদিনা পুৱাই ৰাৱনে চাউনিলৈ গৈ সৈন্য সকলক জনাই দিলে যে- 'ৰামে যি ফালেদি সাগৰত সেতু বান্ধি আনিছে আমিও সেই ফালেদি সেতু বনাই যাম । আমিও সাগৰত বৰ বৰ শিল উপঙাই সেতু বান্ধিম ।'  সৈন্য সকলে কথাটো মুঠেও বিশ্বাসত লৱ পৰা নাই যদিও ৰাৱনেনো কি কৰে তাকে চাবলৈ ৰাৱনক সহযোগ কৰি চাওঁ বুলি থিৰাং কৰিলে। ৰাৱনে সাগৰৰ পাৰলৈ গৈ বহুত ডাঙৰ শিলৰ পাহাৰ এটাৰ কাষত থিয় হৈ মুখেৰে কিবাকিবি ভুৰভুৰালে আৰু তাৰ পৰা ডাঙৰ শিল এটা দাঙি আনি সাগৰত পেলাই দিয়াৰ লগে লগে শিলটো উপঙি উঠিল । ৰাৱনৰ মহাত্ম্য দেখি সৈন্যবোৰেও পাৰ্যমানে শিল আনি সাগৰত পেলাই দিয়াত সকলোবোৰ উপঙি উঠিল । সকলো সৈন্যই ৰাৱনৰ জয়ধ্বনি দিবলৈ ধৰিলে আৰু ৰাৱনৰ সমুখত ৰামৰ লগত যুদ্ধ কৰিম বুলি প্ৰতিশ্ৰুতি দিলে । 
    পত্নী মন্দোদৰীয়ে এই খবৰ পাই অতি আচৰিত হ'ল । ৰাৱনেও যে এই কাম কৰিব পাৰে মন্দোদৰীৰ মুঠেও বিশ্বাস নহয় । কাৰন ৰাবনৰ পূৰ্বৰ চতুৰালিবোৰ তেওঁৰ অৱগত । নিশালৈ যেতিয়া ৰাৱন খাই-বৈ মন্দোদৰীৰ সৈতে শুবলৈ আহিল মন্দোদৰীয়ে সুধিলে -'হে স্বামী ! আপুনি আজি যিটো একেবাৰে অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে মোৰ মুঠেও বিশ্বাস নহয় যে আপুনি নিজ শক্তিৰে কৰিব পাৰিলে ! জৰুৰ দাল মে কুছ কালা হ্যায় !?!? আপুনি মোক কওক চোন কেনেকৈ সম্ভৱ কৰিলে ।' ৰাৱনৰ ক'বলৈ ইচ্ছা নাছিল যদিও মন্দোদৰীয়ে বাৰে বাৰে নেৰা-নেপেৰাকৈ ধৰাত ৰাৱনে ক'বলৈ বাধ্য হ'ল-'শুনা ! মই শিলৰ পাহাৰক মনে মনে কাকুতি কৰিলো -হে শিল ! মই প্ৰভু ৰামৰ শপত খাই কৈছো- প্ৰভু ৰামৰ বাবে তোমাৰ শিলবোৰ যাতে সাগৰত উপঙি যায় । ৰামৰ শপত দিয়াৰ বাবে ৰামৰ নামত শিলবোৰ উপঙি গ'ল আৰু তাকে দেখি মোৰ শক্তিৰ স্বৰূপ বুজি সৈন্যবোৰে মোকো ৰামৰ সমকক্ষ বুলি ভাবিলে আৰু ৰামৰ সৈতে যুদ্ধ কৰিবলৈ প্ৰস্তুত হ'ল । কথা সিমানেই ।
 মন্দোদৰীয়ে ক'লে-আপোনাৰ যে সঁচাকে দহটা মূৰৰ সমান বুদ্ধি আছে সেয়া আজি বাৰুকৈয়ে বুজি পালো।

সৌৰভ কুমাৰ বৰুৱা
         উঃ লখিমপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)