ফেহুঁজালি

Rinku Rajowar
0
এটা অস্তিত্ব
দুটা যুগ,
এটা অচিন কীট 
কুৰুকি কুৰুকি সি
তেনেই নোদোকা ।
বৰগছৰ এঠাত
দৈ গাখীৰৰ ফাট ।
ঘনঘোৰ এন্ধেৰুৱা
বস্ত্ৰহীন শীতৰ নিশাত
পূবে  হয়তো ফেহুঁজালি !
কৰ্ণকুহৰত
ফেচু চৰাইৰ মাত ।
পোহৰ হ'বই ।
দোকমোকালি হ'লেই
নোদোকা কীটটোৰ
মৃত্যু নিশ্চিত ।
জীৱন বিৰোধী 
শক্তিৰে বলিয়ান
সি এটা সন্ত্ৰাসবাদী ।
        
 সৌৰভ কুমাৰ বৰুৱা 
         উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)