শেষ হাঁহি

Rinku Rajowar
0
কান্দি কান্দি দেখোন
এদিন শিশুটিয়েও হাঁহিবলৈ শিকে।
কষ্টৰ দুমোজাত পৰি
দুচকুৱে চকুলো সকলোৰে নিগৰেই।
পিছে অৱশেষত প্ৰাপ্তিৰ হাঁহিটি
তেওঁৱে মাৰে যিয়ে ধৈৰ্য্য ধৰিব জানে।
খেলত হৰা-জিকা থাকেই
ৰণত জয়-পৰাজয়ৰ একোটা নিশ্চিত।
কেৱল শেহতিয়া হাঁহি মাৰা জন
কিছু ভাগ্যৱান ব্যক্তি বুলি ভৱা হয়।
নিয়তিৰ এটাই নিয়ম
যাৰ সৃষ্টি আছে তাৰ ধ্বংসও বাধ্যতামূলক।
যদি আজি তোমাৰ বিফলতাক দেখি কোনোৱে
খিল খিলাই হাঁহি আছে?
তেন্তে চিন্তা নকৰিবা বন্ধু
সাফল্যতাৰ সেই শেষৰ হাঁহিটি এদিন তুমিয়ে মাৰিবা তাকো মনত ৰাখা বন্ধু।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)