স্পষ্টবাদী ব্যক্তিৰ স্বগতোক্তি

Rinku Rajowar
0
সত্যৰ সতীৰ্থ মই 
নিত্য স্পষ্ট
ফাঁকি ফুকা লুকাভাকু 
মোৰ তীব্ৰ অসহ্য
                   ক্ষণিকৰ বাবেও নহয় সহ্য

কথা দিয়াতো
কৰিম বোলাতো কৰিমেই
নকৰো বোলাতো কৰাবলৈ 
                      নাই কাৰো সাধ্য
নহয় ই মোৰ অস্মিতা 
                            নহয় দম্ভ

ই মোৰ জীৱনৰ দৰ্শন 
জন্মলগ্ন অবিকল্প চৰিত্ৰৰ বৈশিষ্ট্য
নিত্য নিৰ্ভীক মই
বিছাৰো মাথো সত্য শুদ্ধ স্পষ্ট

আনৰ বাবেও
ত্যাগ কৰিব পাৰো সৰ্বস্ব
উদাৰ প্ৰেমৰ আকাশ যাৰ
সততা সমৃদ্ধ জ্ঞান সূৰ্য্যৰে বিভূষিত

অথচ সহ্য নকৰো তাক
বিশ্বাস সততাৰ মূখা পিন্ধি
যি পুৰণ কৰিব খোজে
চলে বলে কৌশলে স্ব স্বাৰ্থ
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)