যিমান পাক মাৰিলি
মোৰ হিয়াৰ ফুটুকী পখিলাবোৰ
তোৰ কাষে কাষে থাকি
সিমান পাকেই মাৰিলে অ'বোপাই !
পিছে তই গমেই নাপালি ।
হ'ব দে !
পিছে তই পিন্ধি থকা
হীৰা খটুৱা চোলাটো
অন্তিম ষ্টেচনটো পোৱালৈকে
থাকিবগৈ জানো ?
পাৰ যদি সোলোকাই থবিচোন !
সাধাৰণ চোলা এটা পিন্ধিলেই
সেউজ বুলীয়া
হালধীয়া বতাহ এজাক
তোৰফালে হো-হোৱাই আহিব
তোৰ সতে মিতিৰালি পাতিব ।
তোৰ যে কিমান ভাল লাগিব !!
কথাটো এবাৰ
মন কৰিবিচোন বোপাই ।
কবিঃসৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ