তত্বৰে গঠিত !
গতিকে ভালদৰে বহি লওঁক এখন নিজান ঠাইত যাতে পঢ়োতে বাধা নাহে কিয়নো কাহিনী ৰসময়তাৰে
পৰিপূৰ্ণ !
প্ৰথম আৱস্থাত মাথো এটা শান্ত আকাশ আছিল নাছিল কোনপন সুগন্ধ নাছিল কোনো শব্দ আৰু নাছিল
কোনো সুৱাদ এটা জনশূন্য আকাশ !
লাহে লাহে বায়ুৰ সৃষ্টি হ’ল ৰিব ৰিব কৈ মলয়া বা ববলৈ ধৰিলে শব্দৰ সৄষ্টি হ’ল
তাৰপাছত আকাশ আৰু বায়ু দুয়ো ভাতৃয়ে মিলি অগ্নিৰ সৃষ্টি কৰিলে দপ দপ কৈ অগ্নি জ্বলি উঠিল অগ্নি জ্বলি
উঠাৰ লগে লগে
ভাপৰ সৃষ্টি হ’ল ভাপে আকাশৰ বুকুৰ মাজলৈ উৰা মাৰিল . আকাশৰ সৈতে সম্পৰ্ক গঢ়াৰ লগে লগে
ডাৱৰৰ সৃষ্টি হ’ল
ডাৱৰে পানীৰ সৃষ্টি কৰিলে বৰষুণ হৈ ধৰালৈ নামিলে
চাৰিও মিলি ৰচিলে মাটিক . পাঁচোতাৰ চেনেহত সৃষ্টি হ’ল অনুপম গছ গছনি , লতা বন
হ’ল বসুন্ধৰা নৱ সেউজী ৰঙেৰে সজ্জিত এক নৱ পৃথিৱীৰ আৰম্ভণি হ’ল
লগতে সৃষ্টি হ’ল বিচিত্ৰময় জীৱৰ আৰু প্ৰাণী শ্ৰেষ্ঠ মানুহৰ !
সময়ৰ সৈতে মানুহে ৰচিলে সমাজ বসতি স্থান তাৰ পিছত ঘৰ বাৰী, পথ ,ৰথ , চহৰ নগৰ গাড়ী আৰম্ভ
হ’ল দৌৰাদৌৰি !
হ’ল টকা পইচা মানুহে মানুহক নিচিনা হ’ল নিজ স্বাৰ্থত কটামৰা যুদ্ধ কন্দল আৰম্ভ হ’ল , কমিল মানুহৰ
মাজৰ
মৰম চেনেহ শিলাময় হ’ল হিয়া গছ গছনি ,হাবি বননি পৰ্বত পাহাৰ কৰিলে ধ্বংস সুন্দৰ প্ৰকৃতিৰ লাহে
লাহে অন্তৰ পথত !
এতিয়া কি হব পঞ্চতত্বৰে সজা বসুন্ধৰা লেতেৰা পেতেৰা হ’ল . বিজ্ঞান প্ৰযুক্তিৰ আগমনে পঞ্চতত্বৰ বিপদ
আনিলে !
সজাম আহা নৱ ধৰা শান্তি সম্প্ৰীতিৰে ভৰা এইয়া কাহিনী নহয় সঁচা কথা মিলিজুলি কৰো প্ৰতিজ্ঞা কিয়নো
পঞ্চতত্বৰে
আমি মানুহও সজা !
লিখক – দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ