সপোন ভাগে
থুনুকা কাঁচৰ টুকুৰাৰ দৰে।
এজাক ধুমুহাই কৰে
হৃদয়ক থানবান
আশাবোৰ চূৰমাৰ হৈ পৰে।
সময়ৰ কোবাল সোঁতত
উটুৱাই লৈ যায়
সকলো হেৰুৱাই পেলাও
নিস্তব্ধ হওঁ
বাকৰুদ্ধ হৈ পৰো।
সময়ৰ কৰাল গ্ৰাসত পৰি
সপোনবোৰে মৃত্যুৰ ক্ষণ গনে
জীৱনৰ আশা-আকাংক্ষা খিনি
সপোনবোৰ শামুকৰ খোলা হৈ পৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ