প্ৰভাত

Rinku Rajowar
0
ৰঙা সূৰুজৰ ৰেঙণীত
আন্ধাৰ আতৰি গ'ল কেনি
ৰঙা সূৰুজৰ আলোকত
আলোকিত হ'ল জগতখনি

বিহঙে নীলা আকাশত 
মেলিলে পাখি
গছ বনৰ সেউজী ৰং
উঠিল জিলিকি

পথত মানুহৰ ব্যস্ততা 
নিজ নিজ কৰ্ম দিশত
দিলে খোজ 
তাতে আকৌ
নৱ প্ৰজন্ম শিশুগণৰ
লৰা ধপৰা 
বিদ্যালৈলৈ 
নতুন কিবা এটা
শিকাৰ উৎসাহ

এইদৰে নিতৌ নতুন
প্ৰভাতৰ অহা যোৱা
প্ৰকৃতিৰ পৰম উপকাৰ
সজাই দিলে ধুনীয়া ধৰা !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)