মূল্যবৃদ্ধিয়ে আকাশ চুইছে নেকি?

Rinku Rajowar
0
মূল্যবৃদ্ধিয়ে আকাশ চুইছে নেকি? 

    দেশব্যাপি তুমূল অৰ্থনৈতিক প্রতিযোগিতাৰ দৌড় চলিছে। সেয়া কিন্তু মূল্য বৃদ্ধিৰ প্রতিযোগিতাহে। এই প্রতিযোগিতাত পেট্রল, ডিজেল আদিকে ধতি অনেকবোৰ পনীয় সামগ্ৰিক চেৰ পেলাই বিদ্যুতৰ গতিত আগুৱাই গৈছে পিয়াজ। ইয়াৰ গতি ইমানেই তীব্র যে, আজিকালি হাটে-বজাৰত কাকো সুস্হ চেহেৰাত দেখা পোৱা নাযায়। চিতাবাঘৰ গতিও তাৰ ওচৰত হাৰ মানিছে। ৰাস্তা-ঘাট, হাট-বজাৰত, আনকি দূৰদৰ্শনৰ পৰ্দাবোৰতো ঠাই দখল কৰি লৈছে ৰান্ধনীশাঁলৰ অতি প্রয়োজনীয় সামগ্ৰিটোৱে। আনকি পিয়াজক অনুসৰণ কৰি ৰান্ধনীশাঁলৰ আনবোৰ পাচলিও পিছ হুহুকি থকাটো কদাপিও পছন্দ নকৰে। সেয়েহে তেওঁলোকেওঁ যেন প্রতিযোগিতাৰ বজাৰত তিষ্টি থাকিবলৈ ৰীতিনুযায়ী জনতাৰ শৰীলৰ পৰা ঘাম উলাই দিছে। মুঠতে অৰ্থনৈতিক  দৌড়ত কোনেওঁ হাৰ মানা নাই। আলু, বিলাহী, মটৰমাহ, বান্ধাকবি, ফুলকবি, পালেংশাকৰ পৰা আদিকে কৰি গুৰুজনাৰ তালে তালে শাৰীপাতিছে কেচা মৰিছো। তেওঁলোকৰ প্রতিযোগিতাত পৰি আমজনতাৰ মাজত যেন আকাশখন খহি পৰিছে। মধ্যবিত্ত, নিম্নবিত্তীয় সকলে গোটেই বছৰ থাকে শীতকালৰ অপেক্ষাত। কাৰণ শীত আহিলেই কিছু হ'লেও সস্তীয়া হয় চবজিবোৰ। দূষণৰ চক্কৰত পৰি শীত যেনেদৰে দুলর্ভ হ'বলৈ ধৰিছে, ঠিক তেনেদৰেই নাঙলবিহীন হিচাপে দ্ৰব্য মূল্যৰ দাম দিনক দিনে বৃদ্ধি পাইছে।
    কথাতে কয় বুলে, অজুহাতৰ হাতেই হ'ল আটাইতকৈ দীঘল। মূল্য বৃদ্ধিৰ বাবে এই অজুহাতেই হ'ল আটাইতকৈ ডাঙৰ হাতিয়াৰ। বৰষুণ কম হ'লেই অনাবৃষ্টিৰ অজুহাত। বৃষ্টি অধিক হ'লে অতিবৃষ্টিৰ চাফাই। মূল্য বৃদ্ধিৰ কথা জানিব বিচাৰিলে বিক্রেতাৰ তৰ্জনী আঙুলিয়ে সুৱৰাই দিয়ে দিল্লী, দিছপুৰত বহি থকা মহাশয় সকলক। সেইসমূহ মহাশয় সকলৰ মতে আচবাব পত্ৰৰ পাহাৰ সমতুল্য মূল্য বৃদ্ধিৰ বাবে একমাত্ৰ দায়ী হ'ল প্রকৃতি। বৃষ্টি অথবা অনাবৃষ্টিৰ ফলত ফচল নষ্ট হ'লে মূল্য বৃদ্ধি পাবই। আৰু অধিক ফচল উৎপন্ন হ'লে সেয়া আকৌ বিক্ৰী হ'ব পানীৰ দৰে। তেতিয়াহে আত্মহত্যা কৰিব কৃষক সমাজে। দেশত এইবোৰৰ প্রভাৱ খুবেই সাময়িক। চৰকাৰে ইয়াক লৈ মাথামাৰাটোও তেনেই সমিচীন বুলি ভাৱে। তেওঁলোকৰ আচল সমস্যাটো হ'ল NRC আৰু CAB। NRC আৰু CAB-ক লাগু কৰিব পাৰিলে অথবা কিবা এটা উপায় উলিয়াব পাৰিলেই হৈ যাব আটাইবোৰ সমস্যাৰ সমাধান। সেইবাবে পিয়াজৰ দাম ১৪০ টকা কেজি হ'লেও খাবৈ লাগিব যিহেতু ইয়াৰ বাহিৰে আন কোনো সুৰঙা নাই, আলুৰ দাম ১০ টকাৰ ঠাইত ২৪ টকা কেজি হ'লেওঁ প্ৰাথমিক, মাধ্যমিক স্কুলবোৰত মদাহ্ন ভোজন কৰাবই লাগিব।
    আমি পিয়াজৰ কথাই ধৰি লওঁ। অতিবৃষ্টিৰ কাৰণে পিয়াজবোৰ নষ্ট হৈ পৰিছে সেই কাৰণে পিয়াজৰ দাম তীব্ৰ গতিত বৃদ্ধি পাইছে। কেন্দ্রীয় খাদ্য তথা গণ বণ্টনমন্ত্রী ৰামবিলাস পাচোৱানে জনাই দিছে উৎপাদন ২৬ শতাংশ কম হোৱা হেতুকে পিয়াজৰ মূল্য বৃদ্ধি পাইছে। সেই কাৰণে তেখেতৰ আন একো কৰিবলগীয়া নাই।
   প্রশ্ন হ'ল, অত্যাধিক বৰষুণৰ ফলত পিয়াজ নষ্ট হোৱাৰ পিছতো ৰপ্তানি বন্ধৰ সিদ্ধান্ত ল'বলৈ পলম হ'ল কিয়? চৰকাৰৰ ওচৰত পিয়াজ উৎপাদনৰ ক্ষেত্ৰতো কোনো গা-নলৰিল, নে জানিও চুপ হৈ আছিল সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত। 
    পিয়াজৰ কেজি ১৪০ টকা হওঁক অথবা ১৫০ টকা, তাৰ সুফল কিন্তু কৃষক সমাজে সমানেই উপভোগ কৰিব পৰা নাই। যাৰ ফলত বছৰে বছৰে হাজাৰ-হাজাৰ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। আকৌ অধিক উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকেই লোকচানৰ বোজা বহন কৰিব লাগিব। নগাওঁ জিলাৰ লংকাৰ জলকীয়া প্রায় গোটেই অসমত নাম আহিছে। সেই লংকাৰ খেতিয়ক সকলে প্রতি কেজি বিক্রি কৰি পায় ১০ টকাৰ পৰা ২০ টকা। আৰু গুৱাহাটী তথা বিভিন্ন চহৰসমূহত সেয়া বিক্রি হৈছে ১০০ টকাত। ক'ৰবাত আকৌ তাতকৈ বেছি। একেই ঘটনা ঘটে অন্য পাচলিৰ ক্ষেত্ৰবোৰতো।
   মুঠতে গাদী দখল কৰা চৰকালে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কিবা এটা ব্যৱস্হা ন'ললে অনাগত দিনবোৰত মৰিব কৃষক, মৰিব আমজনতা।

হাফিজ বায়েজীদ বোস্তামী
সঃ সম্পাদকঃ সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ ইউনিয়ণ।
চলভাষঃ ৮৪০৩৯৭৯৪১৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)