আঙুলি কেইটাইদি
মোৰ কলিজালৈ সোমাই আহিছিল
সিমান বাৰ তোৰ অতৃপ্ত পুত্রস্নেহৰ মখমলীয়া ফল্গুধাৰ,
হাপলি গান্ধী মাৰ্কেট তিনিআলিৰ
জনাৰণ্যৰ মাজত তই মোক সমুখত পাই যিমানবাৰ
সাৱটি ধৰিছিলি ।
মোৰ গালে-মুখে তোৰ
চুমাৰ আতিশয্যবোৰ
মই আজিও
কঢ়িয়াই ফুৰিছো
তোৰ দুদু খোৱা শিশু
অথবা জেঠুৱা
জুয়ে পোৰা দুপৰীয়াৰ
এগিলাচ ৰঙীন
শীতল পানীয়ৰ দৰে ।
পৰ্বতীয়া বাম্বুটেঙা
জুইহালৰ ধোঁৱাৰ
সংমিশ্রিত গোন্ধ বিয়পি আছিল
তোৰ সমস্ত শৰীৰ
যেন এখণ্ড মৃগনাভি
মোৰ নাসিকাৰ
ৰন্ধ্ৰে ৰন্ধ্ৰে
আজিও চলিছে সন্ধান
তোৰ ভাষা
মই নেজানো
আৰু মোৰ ভাষাও তই.......
সাৱটা-সাৱটিত তোৰে-মোৰে
হৃদয় একাকাৰ
ভাষাৰ বা প্ৰয়োজনেই
আছিল ক'ত ?
হাৰিবস্তিৰ অনামী মোৰ আপাটানি
আই গৰাকী-
তই ভালে আছনে ?
মোৰ কলিজাৰ
এটা কোঠা
আজিও তোৰ
মিয়াদি পট্টা
কল্পনাত হলেও
মাজে মাজে
এপাক আহি থাকিবি
অবুজ ভাষাৰেই
মোক দঁঞি-প'লৰ
সাধু শুনাবি ।
সৌৰভ কুমাৰ বৰুৱা
উত্তৰ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ