ইতিহাসৰ আজিৰ ভাৰত আৰু হিটলাৰী শাসন

Rinku Rajowar
0
হিৰোচিমাৰ গণকবৰৰ ফলকত আঁৰি থোৱা আছে, ‘‌তোমলোকে শান্তিত টোপনী যোৱা, আমি সেই ভুল আৰু কেতিয়াওঁ নকৰো।’‌ এয়া এক বিৰাট ভুল ঘটনাৰ পুনাৰাবৃত্তি নোহোৱাৰ অঙ্গীকাৰহে মাথোন। যি কোনো যুদ্ধৰ অন্তিম পৰ্যায় মানৱ সভ্যতাৰ অগ্রগতিৰ বিৰুদ্ধে। কিন্তু আমাৰ চিন্তা ভাৱনাবোৰে তেনে কর্মবোৰত সেই মর্মান্তিক পৰিণতিবোৰে বাৰংবাৰ অৱশ্যম্ভাবী হৈ উঠে। 
     দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আশা কৰা হৈছিল যে, মানৱ সভ্যতাৰ ভৱিষ্যৎ আৰু অধিক নিৰাপদ হৈ উঠিব। কিন্তু এক দশক পিছতেই,  ১৯ বছৰ ধৰি (১৯৫৫ চনৰ পৰা ১৯৭৫ লৈ) ভিয়েটনাম যুদ্ধ আৰু অসংখ্য যুদ্ধৰ উদাহৰণ নিদিলেও ক'ব পাৰি যে, বিশ্বৰ বিভিন্ন দেশ যেনেঃ উন্নত-অনুন্নত, বিত্তবান-নিম্নবিত্ত, শক্তিশালী-দুর্বল দেশৰ একাংশ নায়ক সকলে কাৰণে-অকাৰণে বহুবোৰ যুদ্ধ সংগঠিত কৰিছে অথবা হয়তো আগন্ত দিনতো তেনে যুদ্ধৰ সূচনা হ'ব পাৰে। তেতিয়া হয়তো জীয়াই থকাৰ সহজ, স্বাভাৱিক, সুন্দৰ অধিকাৰবোৰৰ কোনো তাৎপর্য নাথাকিব। বৰঞ্চ তাক লৈ উপেক্ষা কৰাহে হ'ব লগতে কৰা হ'ব অৱহেলাও। আচলতে ‘মানুহ’‌ নামক জীৱৰ ভিতৰত লুকুৱাই আছে এটি প্রবৃত্তি যেনেঃ যিকোনো বস্তুক ছিন্ন-ভিন্ন কৰি পেলোৱা, হত্যা কৰা আৰু ক্ষিপ্ত হোৱাৰ প্রবৃত্তি। যিমান দিনলৈকে সমস্ত মনুষ্য সমাজত বৃহৎ পৰিৱর্তন নহয়, সিমান দিনলৈকে যুদ্ধ সংগঠিত হৈয়েই থাকিব। যিবোৰ নিৰ্মিত হৈছে, বৃদ্ধি পাইছে অথবা তৃষ্টি আছে সেই সকলোবোৰেই এসময়ত ধ্বংস আৰু বিকল হৈ পৰিব। তাৰ পিছত সকলোবোৰ বস্তুক মানুহে পুনৰ নতুনভাৱে সৃষ্টি কৰিব লাগিব ।’ (আনা ফ্রাঙ্কৰ ডায়েৰী, শুক্রবাৰ, ৫ মে, ১৯৪৪)
বৰঞ্চ, মনুষ্যৰ ইতিহাসত মানুহৰ কার্যকলাপ তথা তাৰ পুনাৰাবৃত্তি ঘটিব। এয়াই স্বাভাৱিক। ইতিহাসৰ গতিও ঠিক তেনেদৰেই দেখা দিব। সেয়েহে আমাৰ ইতিহাসত জাৰ্মানীৰ নাজী দলৰ ক্রিয়াকলাপ, শাসন প্রণালী কোনোবা হয়তো অনুসৰণ কৰিব। অথবা দেশ এখন শাসন কৰাতো তাৰ প্রয়োগ ঘটাব। সেয়াই ইতিহাসৰ গতি আৰু মানুহৰ ভাগ্য। আচলতে ভাগ্য বুলিলে মানৱৰ সম্পূৰ্ণ ‘‌কর্মফল’‌। ই মানুহৰ ভিতৰ ‘প্রবৃত্তি’‌ৰ বহিঃপ্রকাশহে মাথোন।
    দেশ পৰিচালনাৰ ক্ষেত্ৰত নাজী সকলৰ এটা বৃহৎ লক্ষ্য আছিল। একনায়কতন্ত্র আৰু চৰম স্বেচ্ছাচাৰিতা, ইহুদীবিদ্বেষ অথবা কমিউনিষ্ট বিৰোধীতা। একনায়কতন্ত্রত এজন নায়ক অথবা ডিক্টেটৰ ৰাষ্ট্রৰ সর্বময় কর্তা, চৰম ক্ষমতাবান নেতা। একনায়কতন্ত্রৰ আদর্শ হ'ল- এক দেশ, এক জাতি, এক নেতা। হিটলাৰৰ উগ্র জাতীয়তাবাদ, ইহুদী বিদ্বেষ আৰু তীব্র সাম্প্রদায়িক ঘৃণাত পৰিপূর্ণ ভাষণ জনগণক বাৰুকৈয়ে প্রভাবিত কৰিব পাৰিছিল। সেই অগ্নিগৰ্ভা ভাষণত  ইহুদী সকলৰ ১০১টা উপাসনাগৃহ পুৰি ছাৰখাৰ কৰি দিয়া হৈছিল, সুপৰিকল্পিতভাৱে ইহুদী সকলৰ ব্যৱসা–বাণিজ্য তথা কর্মস্থল, শিক্ষাকেন্দ্রৰ পৰাও বিতাড়িত কৰা হৈছিল। আইনষ্টাইন তথা ব্রেখটৰ দৰে বিখ্যাত মানুহ সকলকো দেশ ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। বার্লিন বিশ্ববিদ্যালয়ৰ চৌহদত নাজী সকলে বিভিন্ন মূল্যৱান গ্ৰন্হবোৰক জুই জ্বলোৱাৰ উৎসৱ পালন কৰিছিল। মুক্ত আৰু উদাৰচিন্তাত বিশ্বাসী পুস্তকসমূহক নিষিদ্ধ ঘোষনা কৰে সমগ্ৰ জার্মানীত।
      তাহানীত জাৰ্মানী দেশত নাজী আছিল এক মজবুত সংগঠন। আছিল সিহঁতৰ ৰাষ্ট্রীয় সন্ত্রাসৰ দীঘল হাত, সেনাবাহিনীৰ ওপৰত আধিপত্য তথা ক্ষমতাৰ কেন্দ্রীয় ভৱন। নাজী সকলৰ এটি অৰ্ধসামৰিক বাহিনীও আছিল। যি মূলতে সমাজবিৰোধী, গুণ্ডা, লেখা-পড়া নজনা লোকৰ বাহিনী। কালক্ৰমত এনেধৰনৰ আন কিছুমান শক্তিশালী বাহিনীও গঢ়ি উঠিছিল। তেওঁলোকৰ প্রধান কাম আছিল হিটলাৰ আৰু নাজী সম্পর্কে তথ্যৰ যোগান ধৰা। যেতিয়াই যাক ইচ্ছা কৰিছিল আনি জেৰা কৰিছিল, গ্রেপ্তাৰ কৰা, মানসিক তথা শাৰীৰিক অত্যাচাৰত এই বাহিনীৰ সদস্য-সদস্যা সকল আছিল সিদ্ধহস্ত। তাৰ সমান্তৰলভাৱে সেনাবাহিনীৰ ওপৰত হিটলাৰ আৰু নাজী সকলৰ সর্বাত্মক কর্তৃত্ব আছিল। সৈন্য-সামন্তসকলে সামৰিক শপথ ত্যাগ কৰি নাজী  দলৰ আইন কানুন মানি লৈছিল। জার্মানীৰ গণমাধ্যমবোৰো আছিল সম্পূৰ্ণ নাজী সকলৰ দখলত। অত্যন্ত দক্ষতাৰ সৈতে তেওঁলোকে ৰেডিঅক কামত খটুৱাই ভুল বাৰ্তাবোৰ প্রচাৰ কৰিছিল। একেখন মিছা কথাকেই বাৰে-বাৰে উনুকিয়াইছিল, মিছা কথাটোকেই সত্য বুলি বুজাই দিয়াৰ প্রক্রিয়া আছিল তেতিয়া সর্বাত্মক।
     ইতিহাসৰ তেনে ঘটনাবোৰ বেছি দিনৰ পুৰণি নহয়। আমাৰ দেশত তাৰেই পুনৰাবৃত্তি ঘটিছে যেন লাগে!‌ কেৱল ইছলামপন্থী পাকিস্তানতেই নহয়, ভাৰতীয় মুছলমান সম্প্রদায়তো শত্রু, এনে এক ঘৃণাৰ পৰিমণ্ডল সৃষ্টি কৰাৰ অহৰহ চেষ্টা চলাইছে। জর্জ অৰয়েলৰ বিখ্যাত উপন্যাস ‘‌নাইন্টিন এইট্টি ফৌৰ’‌ তাত এক ধৰনৰ ৰাষ্ট্রৰ বর্ণনা আছে, য'ত নেকি ঘৰ-বাৰী, গ্ৰাম-গঞ্জ, অফিচ-আদালত আদিত সর্বত্রেই দৃষ্টি নিক্ষেপ কৰিছিল। মানুহজনৰ  আচাৰ-ব্যৱহাৰ, কথাবার্তা, ভাৱ-ভঙ্গি, সকলোবোৰ ৰেকর্ড কৰা হৈছিল। ৰাষ্ট্রই হ'ল সর্বক্ষণ। সেয়া চালি-জাৰি আৰু সেই অনুযায়ী দেশৰ শাসন তথা জনগণৰ আচৰণবিধি ঠিক কৰা হৈছিল।
     বৰ্তমান সময়ত আমিও নিশ্চয় তেনে এক শাসন পদ্ধতিৰ দিশে গতি কৰিছো। চিচি কেমেৰাৰ আওতাত সর্বেক্ষণ চলিছো। মুঠতে আটাইবোৰৰ ওপৰত অষ্টপ্রহৰ নজৰদাৰি। এই উপন্যাসত ‘‌দুই’‌ মিনিটৰ ঘৃণা’‌ বুলি এক বিশেষ অভ্যাসৰ বর্ণনা দিয়া আছে। এই দুই মিনিট ধৰি, নিজৰ মাজত এক বিশেষ জনগোষ্ঠীৰ প্রতি ঘৃণাৰ ৰীতিত নিজকে বুজাই তোলাটো একধৰনৰ স্বভাৱ, ই এটি অভ্যাসৰ অনুশীলন কৰা হয়। এই অনুশীলন পদ্ধতিৰ ব্যৱহাৰিক প্রয়োগ হ'ল অন্যৰ প্রতি ঘৃণাৰ বহিঃপ্রকাশ। এনেধৰনৰ দুই মিনিটৰ ঘৃণাৰ টিচিংটো ক্ৰমাম্বয়ে এক সপ্তাহ অথবা এক মাহৰ টিচিংলৈ ৰূপান্তৰিত হ'ল। দেখা যায় আমাৰ দেশত বর্তমান জনমানসৰ ক্ষেত্ৰত সর্বত্রে এই বদ অভ্যাসটো বিয়পাই দিয়া হৈছে। ই অন্য সম্প্রদায়ৰ প্রতি ঘৃণাৰ মনোভাৱ।
ই সর্বক্ষণতেই ‘‌যুদ্ধ যুদ্ধ ভাৱ’‌, অথবা পৰিবেশ সৃষ্টি কৰা খুবেই জৰুৰী। তাত নাগৰিক সকলৰ দাবীৰ উত্তৰ দিয়াটো সহজ হৈ যাব। নাই কোনো চাকৰি, নাই খাদ্য, নাই কোনো শিক্ষা, নাই কোনো দেশৰ উন্নতি, আর্থসামাজিক অৱনতি আটাইবোৰৰ মূল কাৰণ হ'ল একমাত্ৰ যুদ্ধ!‌ পাকিস্তানৰ সৈতে যুদ্ধ চলিছে, চৰকাৰক অন্যদিশত চকু দিয়াৰ সময় নাই। ফলত বিৰুদ্ধতাৰ আৱাজো আৰু নুঠে। মুঠতে দেশৰ দুৰৱস্থাৰ বাবে দায়ী কোন?‌ পাকিস্তান নে যুদ্ধ।
     জনমানসত দ্বৈত ভাৱনাৰ (Double Think About) এটিৰ পৰিবেশ সৃষ্টি কৰি দিয়া। সেয়া আকৌ কেনেধৰনৰ? মন্দ কৰ্ম বা কু-চৰিত্ৰ ব্যক্তিকো ভাল বুলি কোৱাৰ প্রৱণতা। যেনেদৰে কোৱা হয়, ব্যক্তিজনে চুৰি কৰিছে, কিন্তু খুবেই দক্ষ!‌ অর্থাৎ চুৰি কৰা অভ্যাসটোক বেয়া বুলি কোৱা, মানুহজনক এক অন্যতম গুৰুত্ব দি, বেয়া ঘটনাটোক লঘু কৰি দিয়া। বৰ্তমান পর্যন্তও কার্ফিউ চলিছে, কাশ্মীৰীয় সকলৰ ওপৰত ৰাষ্ট্রত নিপীড়ন চলিছে যদিও কিন্তু দেশৰ বাবে ই এক বলিষ্ট পদক্ষেপ। এনেধৰনৰ এটি দ্বৈত যুক্তিৰে সমস্হ পৰিস্থিতিক যৌক্তিক হিচাপে তুলি ধৰা। 
     ২০১৬ চনত সত্য পৰৱর্তী সত্য, অথবা ‘‌পোষ্ট ট্রুথ’‌ শব্দটি আটাইতকৈ বেছি ব্যৱহাৰ কৰা হৈছে। ইতিহাস অথবা বিজ্ঞানভিত্তিক তথ্যপ্রমাণ বা সত্য ঘটনাৰ পৰিৱর্তে সামাজিক মাধ্যম, সাধাৰণ জনমানসত যিবোৰ তথ্য অথবা ঘটনা (নকল বা জাল) বেছি প্রচাৰিত হ'ব, সেয়াই সত্য বুলি ধৰি লোৱা হ'ব। এয়াও একধৰনৰ ৰাজনৈতিক কৌশল। বাৰে-বাৰে, অনবৰত আবেগৰে যুক্তি, তর্ক, বিজ্ঞান, ইতিহাসক উপেক্ষা কৰে, ই এক অলীক অৱাস্তব তথ্যক সত্য বুলি জনমানসত প্রচাৰ কৰা। অর্থাৎ, জনগণ যদি প্রচাৰ কৰে ‘‌তাজমহল’‌ আচলতে ‘‌শিৱমহল’‌ অথবা আন কিবা, সেয়া ৰাষ্ট্র অথবা চৰকাৰক মানি লোৱাত স্বীকাৰ কৰাৰ প্রৱণতা বৃদ্ধি পাব আৰু শেষপর্যন্ত গ্রহণও কৰা হ'ব। সততে মিছা কথা কয় ফুৰা ইতিহাসৰ তথ্য বিকৃত কৰি, নথি-পত্ৰবোৰ পৰিৱৰ্তন কৰি ভুল অৱাস্তব কথা এটাক সত্য বুলি গ্রহণ কৰা হ'ব।
    অৱশেষত কওঁ  বৰ্তমানৰ ভাৰত ফ্যাচিষ্টৰ দেশ। য'ত যাৱতীয় ক্ষমতা ৰাষ্ট্রৰ হাততেই কেন্দ্রীভূত। এনে এটা দেশ, যি প্রতিদ্বন্দ্বী ৰাজনৈতিক দলৰ কোনো স্থান নাই। ই এক সর্বগ্রাসী দেশ অথবা শাসনব্যৱস্থা। অৱশ্য চিনেমাতো চিনেমাই। নির্দেশক সকলে কি আন এক ভৱিষ্যৎ দেখিব পাৰিবনে!‌ সেই দূৰদৃষ্টিতো কেৱল একাংশ নেতাসকলৰহে আছে সাধাৰণ মানুহৰ নাই। নহয়নে?

হাফিজ বায়েজীদ বোস্তামী
সাঃসম্পাদকঃ সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ ইউনিয়ণ। 
চলভাষঃ ৮৪০৩৯৭৯৪১৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)