গ্লানি

Rinku Rajowar
0
বিশ্ব বজাৰত অৰিহণা যোগোৱা
এটি কলি দুটি পাতৰ
প্ৰতিখন চাহ বাগিছাৰ
তই যুগ-যুগান্তৰৰ মালী

তোৰ অকৰ্মন্যতাই
আনিব পাৰে আৰ্থিক নাটনি
অপ্ৰিয় যদিও সত্য ই তথাপি
মনুষ্যত্বৰ প্ৰতি উপহাস কৰি
নিলাজহঁতে আকৌ
তোকেই পাৰে গালি
'কুলি' 'বঙালী' বুলি

তোৰেই তেজ পানী
হাড়ভঙা শ্ৰমৰ লয় জুতি
প্ৰতিদিনে এপালি দুপালি
ৰাতিপুৱা আৰু আবেলি

তইয়ো যে কি
স্বাধীনতাৰ পিছতো আজিলৈ
গজা নাই হিয়াত তোৰ
প্ৰতিবাদৰ পোখালি
বিপ্লৱ কৰিব নোৱাৰই যদি
যুগে যুগে থাক তই ডুবি
শিৰত  লৈ চাহ শ্ৰমিক হোৱাৰ গ্লানি।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)