জননীৰ সন্তান

Rinku Rajowar
0
অ' মোৰ জননীৰ সন্তান
     জাগা ,জাগা তোমালোক হৈ শক্তিমান ।
দুবাহুত গোটোৱা অসীম বল
স্বাধীন দেশৰ বাবে হাঁহি হেলাৰঙে 
     কৰি যোৱা মুক্তিৰ ৰণ।
মৃত্যুৰ হাত বাউলি ভয় নকৰি 
যোৱা আগুৱাই নিজ কৰ্ম কৰি ।

অ' মোৰ জননীৰ সন্তান 
     অনাচাৰ,অত্যাচাৰ দুৰ্নীতি আতৰাই 
জগাই তোলা উন্নতিৰ অভিযান।
        আপোন দেশক ৰক্ষা কৰি 
মাতৃৰ সন্মান অক্ষুন্ন ৰাখি
জগাই দিয়া প্ৰেৰণাময় আহ্বান ।
        কৰ্মহীনতা, কাপুৰুষতাক নিদিবা স্থান 
জাগা জননীৰ সন্তান ।

দেশ মাতৃৰ শংকা আতৰাই 
     কৰাই দিয়া অমৃত পান 
           জাগা জননীৰ সন্তান ,নৱজোৱান ।
নৱজোৱানৰ দুৰ্জ্জয় অভিযানত
শত্ৰু হওঁক কম্পমান ।
দেশ মাতৃৰ দুৰ্দশা দেখি 
হৃদয়ে মোৰ জনাই আহ্বান ।
হৃদয়ে মোৰ জনাই আহ্বান ।

ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)