কেনেকৈ কওঁ

Rinku Rajowar
0
কেনেকৈ কওঁ---
নিৰলাত বহি সুখৰ দিন
উদযাপন কৰিছোঁ ৷
সোনোৱালী শস্যৰ দেশত অনাহুত কাকতি ফৰিঙৰ 
উপদ্ৰৱ
বিব্ৰত আই
কেনেকৈ উপভোগ কৰোঁ
 মিঠা মিঠা লগনত ভাহিঁ অহা শব্দৰ ছন্দ ৷
বাটে ঘাটে  
পে-কাডৰ্ৰ দাঙি ভিক্ষা খুজি ফুৰিছোঁ ৷
আই জীৱন যন্ত্ৰণা
নিৰাময়ৰ পথ্য ৷
বৰ অসহনীয় বৰ অসহনীয়
প্ৰহৰে প্ৰহৰে স্তব্ধ হৈ যাব খোজে দেখুন
মনৰ দিকপাল ৷
সব্বস্ব হেৰুৱা আগতেই
ইহঁতক পুৰি মাৰিব লাগিব ৷
--------------------------------------------------------
              জিতেন চেতিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)