সম্প্ৰতি ভাৰতীয় চলচ্ছিত্ৰবোৰে ইতিহাস বিকৃত কৰিবলৈ ধৰিছে নেকি?

Rinku Rajowar
0
১২৫ বছৰ পূৰ্বে, ১৮৯৫ খ্রীষ্টাব্দত লুমিয়ৰ ব্রাদাৰ্চ নামেৰে খ্যাত নিকোলাছ ও জিন লুমিয়ৰ প্রযোজিত আৰু পৰিচালিত বিশ্বৰ প্রথম নির্বাক ছবি ‘‌দ্য আৰাইভাক অৱ এ ট্রেইন এড দ্যা ষ্টেচন’‌ নিৰ্মিত হয়। প্রথম অৱস্হাত বিনোদনৰ অন্যতম মাধ্যম হিচাপে পৰিচিতি লাভ কৰিলেওঁ পৰৱর্তী সময়ত, ১২৫ বছৰ পিছত চলচ্চিত্র ৰাজনৈতিক মতাদর্শ, ভাৱাদর্শ প্রচাৰৰ বিকল্প মাধ্যমত পৰিণত হৈছে।
 
  কিছু বছৰ পূৰ্বে ‘‌চ'ছিয়েল চায়েঞ্চ’‌ ত্রৈমাসিক সাময়িকীত এটি গৱেষণাধর্মী প্রতিবেদনত প্রকাশিত হৈছিল। আবেগ অথবা ভৱাত্মকতাৰে পৰিপূর্ণ চলচ্চিত্র মানুহৰ ৰাজনৈতিক দৃষ্টিভঙ্গীক কেনেদৰে প্রভাম্বিত কৰে সেয়াই আছিল সেই গবেষণাৰ বিষয়বস্তু। যুক্তৰাষ্ট্রৰ ইণ্ডীয়ানা অঙ্গৰাজ্যৰ নোতৰদাম বিশ্ববিদ্যালয়ৰ গৱেষক–শিক্ষক টড এটকিনছ-ৰ নেতৃত্বত এদল ৰাজনীতি বিজ্ঞান গৱেষকে প্ৰায় ৩০০ জন ছাত্র-ছাত্রীৰ মাজত এই গৱেষণা চলায়। উক্ত গৱেষণাত তেওঁলোকে ৰিছাৰ্চ কৰি দেখাৰ চেষ্টা কৰে, ৰাজনৈতিক আদর্শ সম্বলিত বিভিন্ন হলিউড চলচ্চিত্র মানুহৰ জীৱনত কেনেদৰে প্রভাৱ পেলায়। সমস্ত ছাত্র-ছাত্রীৰ দৃষ্টিভঙ্গী তথা মানসিকতাৰ তথ্য সংগ্রহ কৰাৰ পিছত তেওঁলোকৰ প্রত্যেককে নির্দিষ্ট কিছুমান চলচ্চিত্র দেখুৱা হয়। তাৰ পিছত পুনৰ ছাত্র-ছাত্রী সকলৰ দৃষ্টিভঙ্গী আৰু মানসিকতাৰ তথ্য সংগ্রহ কৰা হয়। পৰিশেষত দুটা পৃথক সময়ত ছাত্র-ছাত্রী সকলৰ পৰা উপলব্ধ তথ্য বিশ্লেষণ কৰি গৱেষক সকলে সিদ্ধান্তলৈ আহে, ৰাজনৈতিক দৃষ্টিভঙ্গী পৰিৱর্তন কৰিবলৈ, নির্দিষ্ট ৰাজনৈতিক মতৰ অনুসাৰী কৰি তুলিবলৈ, নির্দিষ্ট কিছুমান বস্তুক, ক্ৰমে মানুহ, সম্প্রদায়, মতবাদক ঘৃণ্য অথবা নিকৃষ্টৰূপে তুলি ধৰাৰ ক্ষেত্রে চলচ্চিত্রৰ ভূমিকা অত্যন্ত প্রভাৱশালী।

কেন টেড এটকিনছ-ৰ গৱেষণাৰ কথা ইয়াত উল্লেখ কৰা হ'ল? কাৰণ, এটা সময়ত ভৱা হৈছিল, ‘‌সাহিত্যই হ'ল আটাইতকৈ মননশীল শিল্পৰূপ’‌; এয়া বিশ্বাস কৰিছিল জেমছ জয়েছো। কিন্তু সাহিত্য যে কেৱল মননশীল বক্তব্যৰ একমাত্র স্থায়ী বাহন হ'ব নোৱাৰে, সেয়া চলচ্চিত্রই নিজেই বুজাই দিছে। সাহিত্যৰ পৰা চলচ্চিত্র অনেক বেছি শক্তিশালী মাধ্যম বুলিয়েই নহয়, স্থানৰ পৰা কাল, কালৰ পৰা কালান্তৰত চলচ্চিত্রৰ অনায়াস ধাৰাবাহিকতা। চিনেমাৰ দৃশ্য তথা শব্দৰ ধাৰাবাহিক মূর্তৰ পৰা আমি ভাসি যাও বিমূর্ত চেতনালৈ। এই কাৰণতেই ৰাজনীতি পৰ্যবেশিত হয় চলচ্চিত্রৰ জগতত। নিয়ন্ত্রণ কৰিবলৈ, প্রভাম্বিত কৰিবলৈ আৰম্ভ কৰে আমাৰ চেতনাক। 
এই কথা ঠিক যে, সমকালীন সময়ৰ ৰাজনীতিক চলচ্চিত্র মাধ্যম প্রায়েই ফ্রেমবন্দি কৰি আমালোকক সন্মুখত আনি হাজিৰ কৰায়। আমাৰ দেশৰ কথাতেই আলোচনা সীমাবদ্ধ ৰখাৰ তাগিদাত দেশীয় কিছুমান চলচ্চিত্রৰ কথা ইয়াত উল্লেখ কৰিম। স্বাধীনোত্তৰ ভাৰতত নেহৰুৰ যুগত সমাজতান্ত্রিক ছোঁয়া আমি চলচ্চিত্রৰ মাজত ফুটি উঠা দেখিছো। ‘‌দুই বিঘা জমিন’‌, ‘জিছ দেশ মে গঙ্গা বহতি হ্যায়’‌ ইত্যাদি এনেধৰনৰ চলচ্চিত্রৰ প্রকৃষ্ট উদাহৰণ। কিন্তু এই সমস্ত চলচ্চিত্র কেতিয়াও উগ্রতাক, ইতিহাসবিকৃতিক প্রশ্রয় দিয়া নাই। দেশপ্রেম বহু চিনেমাৰ মূল প্রতিপাদ্য হ'লেও বর্তমানৰ উগ্রতাৰ কোনো ঠাই তেতিয়া নাছিল। কিন্তু নৰেন্দ্র মোদীৰ নেতৃত্বাধীন চৰকাৰ কেন্দ্রত আসীন হোৱাৰ পিছত বহুতো চিনেমাত উগ্র জাতীয়তাবাদী চিন্তাভাৱনাৰ প্রভাৱ পৰিলক্ষিত হোৱা দেখা গৈছে। উগ্রপন্থীৰ বিৰুদ্ধে যুদ্ধ সন্মুখত ৰাখি নিৰ্মিত ‘উৰিশঃ দ্যা ছার্জিক্যাল ষ্ট্ৰাইক’‌ আৰু ‘‌বেবি’‌— এনে ধৰনৰ চিনেমাৰ উদাহৰণ, য'ত ভাৰতক ‘‌ৰাষ্ট্র’‌ হিচাপে মহিমান্বিত কৰা হৈছে। মুঠতে আটাইবোৰ ত্যাগ কৰি কিছুমান চিনেমা, যাৰ বেছিভাগেই মধ্যযুগৰ ইতিহাসকেন্দ্রিক, হিন্দু জাতীয়তাবাদী বক্তব্যক লৈ দর্শকৰ সন্মুখত হাজিৰ হৈছে। যাৰ মাজত ‘‌পদ্মাৱত’‌ (২০১৮), ‘‌বাজিৰাও মস্তানি’‌ (২০১৫) আৰু সম্প্রতি মুক্তিপ্রাপ্ত ‘‌পানিপথঃ দ্যা গ্রেট বিট্রেয়াল’‌ ও ‘‌তানাজিঃ দি আনচাং হিৰো’‌ বিশেষভাৱে উল্লেখযোগ্য। 
অতি সূক্ষ্মভাৱে হিন্দুত্বৰ শ্রেষ্ঠত্বৰ ধাৰণা, দেশৰ নাগৰিক সকলৰ মাজত এটা বৃহৎ অংশ, মুছলিম সকলৰ বিৰুদ্ধে ঘৃণাৰ আবহ নিৰ্মাণ কৰি দিছে এনেবোৰ চলচ্চিত্রৰ ধাৰাবাহিকতাই। ১৯ নৱেম্ভৰ ‘‌তানাজি’‌ চলচ্চিত্রটিৰ ট্রেলাৰ মুক্তি পোৱাৰ সময়তেই চিনেমাটিৰ অভিনেতা অজয় দেৱগণে কৈছিল, ছবিটি যি বিষয়কলৈ নির্মিত হৈছে সেয়া আছিল এটি ছার্জিকেল ষ্ট্ৰাইক, যি মুঘল সাম্রাজ্যক ভৱাই তুলিছিল। ইয়াৰ বিজ্ঞাপনী টেগলাইনো ‘‌ছার্জিকেল ষ্ট্ৰাইক’‌ শব্দটি নিৰ্ভিকভাৱে পৰিস্ফুটিত হৈছে। কাৰণ আমালোকৰ বুজিবলৈ লেখমানো অসুবিধা নহয়। ভাৰত অথবা পাকিস্তানে আৰু অধিক পৰিষ্কাৰ কৰি ক'লে হিন্দু–মুছলিম সম্পর্ক আজি ৰাষ্ট্রীয় মদতৰ জড়িয়তে যি অৱস্হানলৈ গতি কৰিছে তাত ছার্জিকেল ষ্ট্ৰাইক শব্দটি অতিৰিক্ত মাত্রা যোগ কৰিবই। কিন্তু ১৬৭০ চনৰ ৪ ফেব্রুৱাৰী মহাৰাষ্ট্রৰ পুণাৰ ওচৰত ছিংগড়–এইজনা ছত্রপতি শিবাজিৰ আনুগত্য মাৰাঠা সেনা নায়ক তানাজি মালুচাৰেও মুঘল সেনাপতি প্রথম জয় সিংহৰ আনুগত্য উদয়ভানৰ মাজত যি যুদ্ধ হৈছিল, তাত হিন্দু–মুছলমান বিষয়টি নাছিল। ইতিহাসে উনুকিয়াইছে, ৰাজপুতৰা তেতিয়া মুঘলৰ সৈতে হাত মিলাই সাম্রাজ্য বিস্তাৰত মনোনিবেশ কৰিছিল। মাৰাঠা সকলে সেই যুদ্ধত জয়লাভ কৰিলেও তানাজি কিন্তু মৃত্যুৱৰণ কৰিছিল।

সম্পূর্ণ চিনেমাটিত গেৰুৱা পতাকাক মহিমান্বিত কৰাৰ এটি প্রয়াস পৰিলক্ষিত হয়। তানাজিৰ মাতৃয়ে কৈছে, ‘‌জব তক কোন্দহানা মে ফিৰছে ভগৱা নেহি লহৰতা, হাম জুতে নেহি পেহনেঙ্গে’‌ (যিমান সময় লৈকে দুৰ্গৰ চৌপাশত গেৰুৱা ধ্বজা নুৰিব তেতিয়ালৈকে মই জোতা নিপিন্ধো)। আন এখন ঠাইত উদয়ভানৰ উদ্দেশ্যে তানাজিয়ে কৈছে, ‘‌হৰ মাৰাঠা পাগল হ্যায় স্বৰাজ কা, শিবাজি ৰাজে কা, ভগওৱে কা’‌ (প্রতিজন মাৰাঠা স্বৰাজ, শিৱাজী ৰজা আৰু গেৰুৱা ধ্বজাৰ বাবে পাগল)। চিনেমাটিৰ অন্তিম পৰ্যায়তো ফুটাই উঠাইছে আৰু অধিক আকর্ষণীয়। য'ত মাৰাঠা ধ্বজা কেৱল গেৰুৱাৰ পৰা পৰিৱর্তিত হৈ উঠে ‘ওম’‌ লেখা ধ্বজালৈ; আৰু তেতিয়াই পৰিষ্কাৰ হৈ যায় চিনেমাৰ ‘‌লুকোৱা উদ্দেশ্যবোৰ’‌।

   ৬ ডিচেম্বৰত মুক্তি পোৱা ‘‌পানিপথ’‌ ছবিটিৰ ক্ষেত্রতো একেখন কথাকেই প্রযোজ্য। ইতিহাস বিকৃতি এতিয়াও আমাৰ ছত্রে-ছত্রে ধাৱিত। চিনেমাত আহমেদ শাহ আবদালিক (অভিনয় কৰিছে সঞ্জয় দত্ত) য'ত দেখুৱা হৈছে এজন বয়স্ক ব্যক্তি হিচাপে। কিন্তু ইতিহাসে কৈছে, পানিপথৰ সেই যুদ্ধৰ সময়ত আবদালিৰ বয়স আছিল ৩৯ বছৰ; যিজন সদাশিৰ ৰাওৱেৰ (অভিনয় কৰিছে অর্জুন কাপুৰ)-ৰ পৰা আদিকে কৰি ৮ বছৰৰ বিখ্যাত অথবা নানাচাহেব পেশোয়াৰ (অভিনয় কৰিছে মণীশ বেহেল)-ৰ পৰা ২ বছৰৰ সৰু। ‘‌তানাজি’‌ উদয়ভানৰ পৰা ‘‌পানিপথ’‌ চিনেমাটিত আবদালিৰ ভূমিকাক অতি প্ৰাসংগিকতাৰে দেখুৱা হৈছে, কাৰণ আবদালি আছিল এজন মুছলমান। পানিপথৰ ছবিটিৰ বিভিন্ন সংলাপত ইতিহাসক বিকৃত কৰি যিবোৰ তুলি ধৰা হৈছে, তাত ভাৰতীয় জাতীয়তাবাদৰ মানসিকতা প্রকাশ পাইছে। অথচ তেতিয়া সেই অর্থত ভাৰত ৰাষ্ট্রৰেই কোনো অস্তিত্ব নাছিল। অৱশ্যে ইয়াৰ আগতেই সঞ্জয় লীলা বানছালি তেখেতৰ ‘‌বাজিৰাও মস্তানি’‌ত এই সমস্ত চলচ্চিত্র নিৰ্মাণৰ মূল উদ্দেশ্য শিৱাজীৰ মুখেৰে কৈ দিছে, ‘আপনি ধৰতি আপনি ৰাজ, ছত্রপতি শিৱাজীকা এক হি স্বপ্না— হিন্দু স্বৰাজ’‌। কেৱল হিন্দুত্ব? মুঠেই নহয়। উচ্চবর্ণৰ হিন্দুত্বৰ প্রচাৰেই এই চিনেমাবোৰৰ মূল উদ্দেশ্য, যাৰ সৈতে বিজেপি-ৰ ৰাজনৈতিক মতাদর্শ অদ্ভুদ ভাৱে মিলি-জুলি একাকাৰ হৈ পৰিছে। ‘‌তানাজি’‌ত কাজলে যি চৰিত্রৰ অভিনয় কৰিছিল, সেইজনে কৈছে, ‘‌জব শিবাজি ৰাজে কি তলোয়াৰ চলতি হ্যায়, তব আউৰতৌ কা ঘুংঘট আউৰ ব্রাহ্মণো কা জনেউ ছালামত ৰেহতা হ্যায়’‌। শিৱাজী ৰক্ষা কৰিছে ব্রাহ্মণক, তানাজিক নহয় (তানাজি কুলি সম্প্রদায়ৰ প্রতিনিধি)। এই প্রসঙ্গত যোৱা বছৰ চেপ্টেম্বৰত লোকসভাৰ অধ্যক্ষ ওম বিড়লাৰ বক্তব্য স্মৰণীয়। ৰাজস্থানৰ কোটাৰ এখনি অনুষ্ঠানত তেখেতে কৈছে, ‘‌ব্রাহ্মণ সকলে সদায়েই নেতৃত্ব দিয়ে। আন এক জগতৰ বাট দেখুৱাই। অৱদান, আত্মত্যাগ তথা নিষ্ঠাৰতাৰ বাবে সমাজে তেওঁলোকক শ্রদ্ধা কৰে।’‌ সেই একেখন বিষয়য়কেই তেখেতে ট্যুইটতো লেখিছিল। ব্রাহ্মণ সকলক প্রশংসা কৰি ফেচবুক পষ্টও কৰিছিল। লোকসভা অধ্যক্ষৰ মতানুযায়ী সমাজৰ বাকীবোৰ শ্রেণিবোৰক পথ দেখুৱাৰ কাম কৰি গৈছে একাংশ ব্রাহ্মণ সকলে। শুভক্ষণত জন্মৰ কাৰণতেই সমাজৰ দৃষ্টিত বিৰাট শ্রদ্ধা অৰ্জন কৰে তেওঁলোকে। 

   এতিয়া পাঠক-পাঠিকা সকলে চিন্তা কৰি চাওঁক, ‘‌তানাজি’‌ৰ ৰঙিন জগতখন কেনেদৰে বাস্তৱতাৰ সৈতে মিলিত হৈ একাকাৰ হৈ পৰিছে। আৰো অনেকবোৰ উদাহৰণ বৰ্তমানৰ বহুসংখ্যক চিনেমাতেই বিয়পি পৰিছে, যি আমাৰ দেশত বহু মানুহৰ মস্তিষ্কত ‘‌শ্ল পয়জনিং’‌ কৰি হিন্দুত্ব, উচ্চবর্গৰ হিন্দুত্ব তথা ইতিহাস বিকৃতিবোৰ কেনেদৰে সন্নিবিষ্ট কৰিছে। আৰু তাৰ প্রভাৱ বৰ্তমানৰ ৰাষ্ট্রৰ নীতি নির্ধাৰণ, সংবিধান সংশোধন, শিক্ষানীতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি, সমাজনীতি, অর্থনীতিৰ প্রতিটি ক্ষেত্রতেই পৰিলক্ষিত হৈছে। সেই কাৰণে এই ফেচিষ্ট প্রৱণতাৰ বিৰুদ্ধে কলম হাতত উঠাই লোৱাটো অনেক জৰুৰী।

 ✍বায়েজীদ বোস্তামী


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)