পোতাশাল

Rinku Rajowar
0
ডাৱৰে ঢকা আকাশক 
সুধিছিলো ....
এটি মৃদু গৰ্জন হলেই
বৰষিব পাৰে নেকি ?
প্ৰতিবাদৰ এজাক বৰষুণ
ঈদৰ জোন ওলোৱা স্বদেশত
অশান্তিৰ দাৱানল
হাত যোৰ কৰিলেই ঈশ্বৰ
দুহাত মেলিলেই আল্লাহ
উচ্চাৰিত হোৱা প্ৰদেশত
জাতি,ভেদৰ বীজ গুজি
বিভেদৰ ৰাজনীতি...!
নিস্তব্ধ আকাশৰ তলত
ষড়যন্ত্ৰ ৰচিত...
পদে পদে বিপদৰ আগজাননী
নিৰাপত্তা হীনতাত ভূগি থকা 
প্ৰতিবাদী শব্দবোৰ প্ৰতিহত কৰাৰ নিস্ফল প্ৰয়াস
বুকুত বাজি উঠা অগণি
অগনন জনতাৰ " ৰণধ্বণি''
বায়ু মণ্ডলৰ আৱেষ্টনিত ,'প্ৰতিধ্বনিত প্ৰতিবাদী কন্ঠ"
প্ৰতিটো পূৱাই ,এটি প্ৰতিবাদী কিৰণ 
চিটিকি পৰে অসমী আইৰ চোতালত"
উদ্ভাসিত ঐক্য কন্ঠ
''জয় আই অসম "
ঐক্যবদ্ধ
এই আন্দোলন...নৱপ্ৰজন্মৰ
জাগ্ৰত আগ্নিয়গিৰি " জনগণ....
অসমী আইৰ চোতালত
ৰাষ্ট্ৰঃযন্ত্ৰৰ ষৰযন্ত্ৰ উফৰি পৰিবৰে হ'ল
লুইতৰ পাৰৰ ডেকা বন্ধু
নাথাকিবা ৰৈ
বোলা কথাষাৰৰ সাৰমৰ্ম
বুজিবৰে হ'ল....
"জয় আই অসম''
 
 কবি- নৃপেন ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)