আধৰুৱা প্ৰেম কাহিনী (খণ্ড - ১)

Rinku Rajowar
0
গাড়ীৰপৰা নামি সত্যমে খোজ দিলে সেউজী চাহনিৰ মাজেদি যোৱা জেলেপীমূৰীয়া পথেদি !
চৌপাশে সেউজীয়া চাহনি আৰু মাজে মাজে ওখ শিৰিষ গছ যেন সত্যম সেউজী ৰঙৰ জগত এখনত প্ৰৱেশ কৰিছেহি ,পথত নাহৰ ফুলৰ দলিচা পাৰি প্ৰকৃতিয়ে যেন সত্যমক অতিথি আদৰিছে ! আনহাতে কুলি কেতেকীয়ে শুৱলা কণ্ঠেৰে সুৰীয়া গীত জুৰি তাক স্বাগতম জনাইছে !
মনোৰম দৃশ্যবোৰ উপভোগ কৰি কৰি গৈ থাকোতে কেতিয়ানো লাইনত সোমালে গমকে নাপালে সত্যম হঠাত থমকি ৰ’ল আৰু ইফালে সিফালে চাই ভাৱিব ধৰিলে মানুহজনৰ ঘৰটো পাহৰি গ’লো কোনটো আছিলে…..! 
এনেতে সি দেখা পালে দুজনী ছোৱালী ঝুমেইৰ গীতত মগ্ন হৈ টেপৰ পৰা পানী তুলি আছে সিহঁতকে সুধা যাওঁক বুলি কৈ পানী টেপৰ পিনে খোজ দিলে ওচৰত গৈ মাত লগালে অ’ ভণ্টী শুনাচোন ৰঙা ৰঙৰ ফৰক পিন্ন্ধা ছোৱালী জনীয়ে বাল্টিখন হাতত তুলি হুতা মাতেৰে ক’লে “এ বাবু কি বলছি চিনেক নাই জানেক নাই চিধাই ভণ্টী বনাই দেলেক “ সত্যমে পৰিস্থিতিক চাই মিচিকীয়া হাহি এটা মাৰি মিহি মাতেৰে ক’লে “ বাৰু ভণ্টী বুলি নামাতো তেহলে তোমাৰ নামটো কোৱা “ ছোৱালীজনী সত্যমৰ ব্ৱহাৰত মুগ্ধ হৈ মিচিকীয়া হাহিৰে ক’লে নিতু হামাৰ নাম বি এ পাছ “ সত্যমে ক’লে অ নিতু ধুনীয়া নাম , নিতুৱে অলপ লাজকুৰীয়া ভাৱে ক’লে ঠিক আছে বাবু বলত কি সহায় লাগে ? সত্যমে মবাইল উলিয়াই হেৰী নসয় ৰাজু জেন্টলমেনৰ ঘৰ কোনটো ? নিতুৱে বাল্টিত পানি তুলি চল বাবু মই দেখাই দিব ৰাজুদাৰ ঘৰ এই বুলি কৈ নিতু আৰু সত্যম বাট বুলিলে !
কথাত মগ্ন হৈ লাইনৰ মূৰ পোৱালে গৈ এনেতে সত্যম থমকি ৰৈ অ’ লাইন দেখোন শেষ আগত ঘৰে নাই , নিতুৱে মুৰত হাহ মাৰি ধেৎ তেৰী কা কথাই কথাই ভূলাই থাকলি চল চল ঘূৰে যাব !
দুয়ো হাহি হাহি এখন ঘৰৰ সন্মুখত গৈ ৰ’লহি নিতুৱে জপনা খুলি মাত লগাই কে আছি ঘৰে ? কিছু সময়ৰ পাছত এজন ত্ৰিছ পঁইত্ৰিছ বয়সীয়া মানুহ ঘৰৰ ভিতৰৰ পৰা ওলাই আহি সত্যমক দেখি অ সত্যম আহি পালাহি আহা ভিতৰলৈ সত্যম ভিতৰ সোমলে মানুহজনে বহিব দি চাহৰ দিহা লগাবলৈ ভিতৰলৈ সোমাই গ’ল !
নিতুৱে  বাবু মই যায় এইবুলি যাবলৈ লওঁতে সত্যমে তাইলৈ চাই যাবা বাৰু শুনাচোন এটা কথা কওঁ বেয়া পাবা নেক ? নিতুৱে নাই বুলি মূৰ লৰাই হয়ভৰ দিলে সত্যমে এটা উশা লৈ তুমি দেখোন বিএ পাছ তেন্তে অসমীয়া ভাষাৰ প্ৰয়োগ নকৰা কিয় ? নিতুৱে তপৰাই উত্তৰ দিলে কৰো বাগানত বাগানীয়া বাহিৰত অসমীয়া ! 
সত্যমে বুজাই ক’লে চোৱা অসম আমাৰ জন্মভূমি এই মাটিতে খেলি ইয়াৰে বতাহ পানীত ডাঙৰ দীঘল হ’লো গতিকে অসম তথা অসমীয়া জাতিৰ সংস্কৃতি ভাষা সাহিত্যক অনুকৰণ তথা ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ কৰ্তব্য তাৰে লগত নিজৰ বাপতিকলীয়া কলা সংস্কৃতিকো আগবঢাই নিয়াটও আমাৰে দায়ত্ব হব পাৰে একাংশ সমাজৰ কলংকিত অসমীয়াই আমাক অসমীয়া বুলি নাভাৱে আৰু বাগানীয়া কুলি বুলি ঘৃণা দ্বেষ আৰু ভিন্নতাৰ দৃষ্টিৰে চাই কিন্তু মূৰ্খসকলে নাজানে যে বাগানীয়া আৰু অসমীয়া মিলিহে বৃহৎ জাতি অসমীয়া হৈছ বাগানীয়াৰ অবিহনে অসমৰ তথা অসমীয়া জাতিৰ একো অস্তিত্ব নাথাকিব গতিকে কোনে কি ভাৱে সেইবোৰ আওকাণ কৰি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি মিলিজুলি কাম কৰা উচিত ! কিয়নো আপোন ভালে জগত ভাল হয় হয় এশ শতাংশই শুদ্ধ মানুহজনে চাহৰ ট্ৰেখন মেজত থৈ ঠিক আছে বাৰু চাহ খোৱা এই বুলি চাহৰ কাপ সত্যমলৈ আগবঢ়াই দিয়ে নিতুকো চাহ খাবলৈ ক’লে নিতুৱে লৰালৰি চাহ খাই কাপ থৈ ঠিক আছে আজিৰ পৰা আপোনাৰ সৈতে অসমীয়াত কথা  পাতিম ভাল লাগিল লগ পাই আহিছো থাকিবই নহয় ; সত্যমে নিতুলৈ চাই হয় থাকিম তোমালোকৰ ঘৰলৈ যাম এতিয়া যোৱাগৈ মিছাতে কষ্ট দিলো কথাশাৰ কৈ সত্যম চাহ খোৱাত লাগিল !
ঠিক আছে ৰাজু দা মই আহিছো কথাষাৰ কৈ ইতিমধ্যে কোঠাৰ পৰা ওলাই গ’ল , ৰাজু দাই দীঘলীয়া উশা এটা টানি সত্যমৰ ফালে চাই ক’লে এতিয়া কোৱাচোন চিনেমাখনৰ কাম কিমান দুৰ আগবাঢ়িছে ? সত্যমে ক’লে
যথেষ্ট আগবাঢ়িছে এতিয়া বাকী আছে এখন বিয়াৰ দৃশ্য আৰু ক্লাইমেটচ যিটো আপোনালোকৰ বাগানতে ছুটিং কৰা হব যদি আপোনাৰ সহযোগ পাওঁ , ৰাজুদাই  উৎফুল্লিত হৈ একেষাৰে ক’লে নিশ্চয় সহযোগ কৰিম এনেতে 
দহ বাৰ বছৰীয়া ল’ৰা এজন স্কুলীয়া ইউনিফৰ্মত সোমাই আহিল অ’ সত্যম দা কেতিয়া আহিলে কৈ আনদ্দমনে 
সত্যমৰ কাষত জঁপিয়াই বহি পৰিল সত্যমে  মৰমতে পিঠিত ঢকা এটা দি অলপ আগতেই আহিলো বাৰু ডেকাৰ পঢ়া শুনা কেনে চলিছে ? ল’ৰাজনে ভালে চলিছে যেতিয়াৰ পৰা আপোনাৰ লিখা কিতাপ ” ছাত্ৰ জীৱনৰ কৰ্তব্য “খন পঢ়িছো তেতিয়াৰপৰাই নিজকে এজন উত্তম ছাত্ৰ হিচাপে  গঢ়ি তুলিবলৈ যত্নপৰ হৈছো !
ভাল কথা তাৰমানে মোৰ লিখনিয়ে তোমালোকৰ ওপৰত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে মাজতে উৎসাৎিত হৈ ল’ৰাজন কৈ উঠিল প্ৰভাৱ কৈছে আপুনি আপোনাৰ কবিতা, গল্প, প্ৰবন্ধ, উপন্যাস এই সকলো বিষয় আমাৰ স্কুলত শিক্ষক শিক্ষাৰ্থী সকলোৱে ইমান আগ্ৰহেৰে পঢ়ে যিয়ে কিতাপ মুঠেই ভাল পোৱা নাছিল সিও আৰু ফেবিকলৰ দৰে মবাইলত লাগি থকা সকলেও আপোনাৰ লিগা কিতাপ বলিয়াৰ দৰে পঢ়িব লৈছে এনেতে বাপেকে নিৰ্দেশ দিলে দিবাকৰ এতিয়া হব যোৱা কাপোৰ সলাই চাফা হৈ লোৱা মই ভাত বাঢ়ো গৈ সত্যমলৈ চাই তুমিও ফ্ৰেছ হৈ লোৱা দীঘলীয়া যাত্ৰা কৰি আহিছা ভোক লাঘিছে ছাগে সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিছনাত বাগৰি ইটৈ সিটো কথা পাতোতে কিছু সময়ৰ পাছত নিশব্দ হৈ পৰিল !
                   সমাপ্ত ..

( দ্বিতীয় খণ্ডত পঢ়িবলৈ পাব গুণ্ডা ল’ৰা কেইটামানক পিটন ছোৱালীৰ সৈতে অভদ্ৰামী   কৰাৰ বাবে )

 লিখক – দুলাল ৰবিদাস 

















Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)