আৰ্তনাদ

Rinku Rajowar
0
এক চেকেণ্ডৰ উশাহত
থমকি ৰব খোজে আকাশ
মই জন্ম অন্ধ
জীৱন কি বোলা কথাষাৰৰ অৰ্থ
তেনেই পঙ্গু
হাতত এচলু পানী বিচাৰি
হাহাকাৰ কৰি উঠা হৃদয়ৰ
দম দম ৰাসায়নিক দ্ৰব্য দুৰ্নীতিৰ
 "দূৰ্বল কৰে"
এক চেকেণ্ডত জীৱনৰ লক্ষ্যঃ প্ৰাপ্তি
হাহাকাৰ কৰি উঠা আকাশক চিঞঁৰি চিঞঁৰি কও
শুনা মই যাযাবৰ
মোৰ ঘৰ এই মাটি
আৰ্তনাদ মানুহৰ
আহ! থমকি নোলোৱা দৃঢ়তা
 দুখৰ সন্ধানত কত উজাগৰী ৰাতি
বগাই ফুৰা মোৰ কল্পনা
সেউজ বাগিচাৰ কোমল হৃদয়ৰ 
আৰ্তনাদ বোৰ...
নোৱাৰোঁ সহিব
এক চেকেণ্ডত....
স্তব্ধ হব বিচাৰে সকলো...
বিদায় মাগিব বিচৰা সপোনবোৰ
সাবটি উচুপি উঠো...নিৰৱে.....
                               
কবি- নৃপেন ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)