পাচলি বজাৰত বিলাহী বিস্ফোৰণ

Rinku Rajowar
0

নমস্কাৰ দেওবৰীয়া মুখ্য বাতৰিত আপোনাৰ স্বাগতম জনাইছো মই কেটৰিনা কেফ আৰু আপুনি চাই আছে মিছলীয়া লাইভ চেনেল 

প্ৰথমতে মুখ্য বাতৰি পাছলি বজাৰত বিলাহী বিস্ফোৰণ !


এতিয়া আপুনি চিটবেল্ট বান্ধি কলা চছমা লগাই পপকণৰ সৈতে বুকু ডাঠ কৰি ভালদৰে ভৰি মেলি বহি লওঁক যিহেতু এতিয়া বিতংগ বাতৰি শুনাম তাৰ আগতে এটি বিশেষ জাননি হৃদয় ৰোগী সকলৰ বাবে বাতৰি শুনি যদি হাহিত বলিয়া হৈ হাৰ্ট এটেকত কাৰোবাৰ মৃত্যু হয় আমি তেখেতৰ দহা কাজৰ সম্পূৰ্ণ ব্যৱস্থা নকৰো কাৰণ দুৰ্বল লোকক বাতৰিটো চাবলৈ মানা কৰা হৈছিল আৰু আমাৰ চেনেলটো দুখীয়া চেনেল !

এতিয়া শুনক বিতংগ বাতৰি দেওবৰীয়া বিহৰা পাচলি বজাৰত হঠাৎ এটা বিলাহী বিস্ফোৰণ ঘটিল নিমিষতে ছিন্ন বিছিন্ন হ’ল সুন্দৰকৈ সজা থোৱা পাচলিখিনি হুৱা দোৱা  লাগিল পাচলিগণৰ মাজত ! 

বন্ধু আৰু শত্ৰু সকল ইয়াতে লবলৈ হৈছে বাণিজ্যিক বিৰতি বিৰতিৰ পাছত আৰু বাতৰি আছে চিটবেল্ট টানকৈ বান্ধি লই পপকণ খাই থাকক ! 

বিজ্ঞাপন--  ৱাচিং পাউডৰ নিৰমা ৱাচিং পাউডৰ নিৰমা কয়লাৰ দৰে কলা মুখও গাখীৰৰ দৰে বগা কৰে মাথো সাত দিনত ! মুখ বগা কৰাৰ এক মাত্ৰ আৰু বিশ্ববিখ্যাত উপায় গতিকে ব্যবহাৰ কৰক ৱাচিং পাউভৰ নিৰমা  ৱাচিং  পাউডৰ নিৰমা !


বিজ্ঞাপন -- ফেবিকুইক বান্দৰ আৰু ভালুকৰ দৰে চুলিও এতিয়া ততালিকে থিয় হব পানী জেলৰ এতিয়া বিদায় আহিল এতিয়া ফেবিকুইক যি চুলি থিয় কৰে কুইকলি ডেকা গাভৰুৰ একমাত্ৰ পছন্দৰ !


স্বাগতম বিৰতিৰ পাছত আকৌ মই কেটৰিণা কেইফ আৰু আপুনি চাই আছে মিছলীয়া লাইভ 

এতিয়া পপকণ খোৱা বন্ধ কৰি শুনক বাকী থকা বাতৰি ! আমাৰ সংবাদদাতা চলমান খানৰ প্ৰতিবেদন মতে বিলাহী বিস্ফোৰণত এটা ৰঙা লাওৰ লগে লগে  মৃত্যু হয় আৰু দুটা ৰঙালাও বিষমভাৱে আঘাত প্ৰাপ্ত হোৱা বুলি জনাইছে !

পাচলি সমাজৰ গণ্য মান্য  শ্ৰী শ্ৰী আলু  ৰজাই সাক্ষাৎকাৰত এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে আমি ইমান ধুনীয়াকৈ শাৰী পাতি উল্লাস মনেৰে বহি  আছিলো হঠাৎ ঘটা এই দুৰ্ঘটনাই আমাৰ পাচলি ৰাইজৰ যথেষ্ট অনিষ্ট কৰিছে ঘটনাত সঠাতে মৃত্যু বৰণ কৰা লাও ভাইৰ আত্মাৰ সদগতিৰ বাবে আমি এক মিনিট মৌনতা অবলম্বন কৰা উচিত ! লগতে আঘাটপ্ৰাপ্ত ৰঙা লাও ভাইহঁতৰ শীঘ্ৰে সুস্থ সবল হোৱাৰ কামনা কৰিছো !


এইয়া আছিল আমাৰ সাংবাদিক চলমান খান আৰু আলু ৰজাৰ সৈতে হোৱা সাক্ষাৎকাৰ 

সঁচাকৈ দুখলগা বাতৰি আজি দেউবৰীয়া মুখ্য বাতৰিৰ ইমানতে অন্ত পৰিল মই কেটৰিণা কেইফ 

সাংবাদিক কেটৰিণা কেইফৰ সৈতে চাহ কাপ খাওঁগৈ আপুনি পপকণ খাই থাকক আৰু চাই থাকক মিছলীয়া লাইভ নমস্কাৰ !



লেখক - দুলাল ৰবিদাস











          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)