ভাৰতীয় ৰাজনীতি: নীতি-আদৰ্শৰ প্ৰশ্ন, বাস্তৱ আৰু ভৱিষ্যত

Rinku Rajowar
0

ভাৰতীয় ৰাজনীতিৰ সামগ্ৰিক ছবিখনলৈ লক্ষ্য ৰাখিলে এটা কথাই মনলৈ উলাহ আনে যে দেশৰ নতুন প্ৰজন্মই নতুনকৈ “ৰাজনীতি” নামৰ বিষয়টোলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সক্ৰিয় ৰাজনীতিলৈ অহা-নহাৰ কথাটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু ৰাজনৈতিক ঘটনাৱলী. পট-পৰিবৰ্তন আদি বিষয়ক লৈ সচেষ্ট হৈছে। আনকি আগৰ কেৱল বাতৰি-কাকতৰ লেখা বা দূৰদৰ্শনৰ কাৰ্যসূচীয়ে আলোড়িত কৰিব নোৱাৰা এক বিশাল পৰিমাণৰ লোক সম্প্ৰতি ছেটেলাইট চেনেল, ইণ্টাৰনেটৰ সংবাদ সূ্ত্ৰ, ছ’চিয়েল মেডিয়াৰ পৰশত ৰাজনৈতিক বিষয়ৰ প্ৰতি আকৰ্ষিত হৈছে। এয়া বিশ্বৰ সৰ্ব-বৃহৎ গণতন্ত্ৰখনৰ বাবে অতিশয় শুভ লক্ষণ। কিন্তু এই আগ্ৰহে সৃষ্টি কৰা এই নৱ-সচেতন বুঢ়া-মেঠা নাগৰিকৰ পৰা কুমলীয়া কিশোৰ-যুৱক-যুৱতী সকল প্ৰকৃততে কিমান সচেতন হৈছে বা এই সচেতনতাৰ পোতন কিমান, সেয়াও আজিৰ তাৰিখত মূল্যায়ন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। আৰু সেই কাম হাততো লৈছে কিছু সংবাদ-সেৱীয়ে।
প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ প্ৰথম অসম ভ্ৰমণৰ কালছোৱাত অসমৰ টিভি চেনেল সমূহে উৎসাহী একোজাক নৱ-প্ৰজন্মৰ মনৰ ভাৱ জানিবলৈ প্ৰচেষ্টা হাতত লৈছিল। কাৰোবাৰ মতে মোদী চাহাব ফেশ্বন আইকন, ইমান ভাল ভাল কথা কয়, তেওঁৰ উপস্থাপনৰ শৈলী অনুপম, তেওঁক লগ পালেই শ্বেলফি এখন তুলি ফে’চবুকত দিলোঁহেঁতেন! কিন্তু আন কিছু অংশগ্ৰহণকাৰীৰ মতামতত তাতোকৈ আছিল কিছু গভীৰতা। তেওঁলোকে দেশখনক এক স্থবিৰতাৰ পৰা পৰিবৰ্তনৰ দিশে গতি দিব পৰাকৈ কাম কৰিব পৰা নেতা হিচাপে প্ৰধানমন্ত্ৰীজনক বিশ্বাস কৰিছে আৰু সেইমতে নিজৰ সমৰ্থন ব্যক্ত কৰিছে। আন কিছু অংশগ্ৰহণকাৰীয়ে এতিয়ালৈ নতুন চৰকাৰে গ্ৰহণ কৰা কিছু পদক্ষেপৰ সপক্ষে বা বিপক্ষে নিজৰ অনুভৱ ব্যক্ত কৰিছে। অংশগ্ৰহণকাৰীসকলে সকলোৱেই ৰাজনীতিলৈ নতুনকৈহে আগ্ৰহ জন্মাৰ কথাও প্ৰকাশ কৰিছে আৰু দেশক এক ইতিবাচক দিশত পৰিবৰ্তন আনিবৰ বাবে একোজন ভৱিষ্য নাগৰিক হিচাপে তেওঁলোকে অৰিহণা
যোগোৱাৰ মনৰ হেঁপাহৰ কথাও ব্যক্ত কৰিছে। কিন্তু কোনোবোৰ বিশেষ নীতি বা আদৰ্শৰ ভিত্তিত কোনটো দল গঢ় লৈ উঠিছে, কোনটো দল নীতিহীন, কোনটোৱে বতৰৰ সুবিধাজনক স্থিতি গ্ৰহণ কৰে, কোনবোৰ নীতিয়ে দেশক কোন ফাললৈ লৈ যাব পাৰে, সেইধৰণৰ ৰাজনৈতিক সজাগতা বা শিক্ষাৰ অভাৱ পৰিস্ফুট হৈ পৰিছে। কিছুমানে আকৌ কোনো ব্যক্তিক ভগৱানৰ অৱতাৰৰ শাৰীলৈ নি যি কয় সেয়াই শুদ্ধ ধৰণৰ অন্ধ ভক্তৰ ৰূপ ধাৰণ কৰিছে। এই কথা ফে’চবুক, টুইটাৰৰ দৰে ছ’চিয়েল মেডিয়াত অতি-সজাগ “যোদ্ধা” সকলৰ বাবেও সমানে প্ৰযোজ্য বুলি অনুভৱ কৰো।
কিন্তু ইয়াৰ কাৰণ কি? যিবোৰ সূত্ৰৰ পৰা তেওঁলোকে জ্ঞান লভিবলৈ ধৰিছে, যাৰ উমানত কোনো ধ্যান ধাৰণাৰ বিকাশ কৰিবলৈ লৈছে, সেই সমূহে তেন্তে সঠিক সমল যোগাব পৰা নাই নেকি। এই ক্ষেত্ৰত বিগত বৰ্ষৰ টাইমচ অৱ ইণ্ডিয়া লিট-ফেষ্ট, মুম্বাইত খ্যাতনামা সাংবাদিক এগৰাকীৰ মুখৰ পৰা সৰি পৰা এটা বাক্য ইয়াত উদ্ধৃত কৰিব খুজিছোঁ। সেই অনুষ্ঠানত অৰবিন্দ কেজৰীৱালে তেওঁৰ সৈতে ৰাইজৰ কথা-বতৰাৰ আঁত ধৰা ক্ষুৰধাৰ সাংবাদিকজনক ৰাজহুৱাকৈ আহ্বান জনাইছিল যে আপোনালোকেও দুৰ্নীতিৰ বিৰুদ্ধে গঢ়ি উঠা ৰাজনৈতিক যুঁজ খনৰ কথা সবল ৰূপত প্ৰচাৰ কৰক! তেতিয়া সাংবাদিকজনে ক’লে-“আমিতো আপোনালোকৰ মেডিয়া পাৰ্টনাৰ নহয়!” তেন্তে দেশৰ দুগৰাকী অন্যতম প্ৰভাৱশালী ব্যক্তিৰ কথোপকথনে কি বাৰ্তা কঢ়িয়াই আনিলে ৰাইজলৈ? এয়াই নেকি যে, আজি মেডিয়া নিৰপেক্ষ নহয়, যি সংস্থা বা কাৰ্যসূচীৰ সৈতে মেডিয়া পাৰ্টনাৰ হোৱাৰ মুকলিকৈ বা গোপনে চুক্তিবদ্ধ, তাৰেই একপক্ষীয় প্ৰচাৰত ব্ৰতী হয়, সেই সংবাদসেৱী। কোম্পানী আৰু ব্যক্তিগত মালিকানাধীন টিভি চেনেলে নিজৰ স্বাৰ্থৰ মুখপত্ৰ হৈ কাম কৰা, সংবাদ-ব্যৱসায়ৰ ৰাজহ আহৰণ আৰু তাৰ বাহিৰেও মালিকীস্বত্ব থকা কোম্পানীৰ স্বাৰ্থৰ অনুকূলে নীতি নিৰ্মাণৰ স্বাৰ্থত সম্পাদকীয় নীতি লৈ একঘেয়ামী প্ৰচাৰৰ প্ৰৱাহ আৰম্ভ কৰিবলৈ বাধ্য ।
আম-আদমী পাৰ্টিৰ উপৰিও দেশৰ বাঁওপন্থী দল সমূহে দেশৰ চৰকাৰী সমূহৰ শ্বেয়াৰ বিক্ৰী কৰি দিয়াৰ পদক্ষেপৰ বিৰোধিতা কৰে। শাসনৰ ক্ষমতা লাভ কৰা ৰাজনৈতিক দলসমূহে চৰকাৰী কোম্পানীসমূহক অধিক কুশল আৰু কাৰ্যকৰীৰূপত সু-ব্যৱস্থাপনাৰ ব্যৱস্থা কৰি অধিক লাভজনক অনুষ্ঠানলৈ পৰিণত কৰাৰ পদক্ষেপ লোৱাৰ পক্ষেহে মত প্ৰকাশ কৰে। শ্ৰমিকৰ অধিকাৰ, সামাজিক সুৰক্ষাৰ প্ৰশ্ন, ভৱিষ্যত নিশ্চিতি আদি বিষয়ক লৈ স্পৰ্শকাতৰ দল সমূহে এইদৰে নিবিনিয়োগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰে। চৰকাৰী প্ৰতিষ্ঠান বা কোম্পানী সমূহৰ বহুমূলীয়া ভূ-সম্পত্তি তথা একেচেতীয়া বজাৰকলৈ বেছিভাগ ব্যক্তিগত কোম্পানীৰে লোভ বেছি। চলিত বৰ্ষসমূহত লোকচান ভৰি থকাৰ বিত্তীয় প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি শ্বেয়াৰ বজাৰে নিৰ্ধাৰণ কৰা দৰত এই কোম্পানীসমূহৰ মূল্য অতি পানীৰ দামত নিৰ্ধাৰণ কৰা হয়। কিন্তু প্ৰকৃততে এতিয়াও বাচি থকা মিশ্ৰিত অৰ্থনীতিৰ নীতিৰ আধাৰত সেই বিশেষ ক্ষেত্ৰৰ বজাৰ মুকলি কৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত নকৈ কিনি লোৱা ব্যক্তিগত খণ্ডই এই বজাৰত একচেতীয়া মন’প’লি চলোৱাৰ সুবিধা লাভ কৰে। আনকি চৰকাৰে বিকাশ কৰি ৰখা ভূ-সম্পদ সমূহৰ বজাৰ মূল্য সঠিক ৰূপত বিত্তীয় প্ৰতিবেদনৰ ভিত্তিত হোৱা মূল্যায়নত প্ৰতিফলিত কৰা নহয়। সেয়ে বহু হাজাৰ কোটি টকীয়া প্ৰতিশ্ৰুতি সম্পন্ন কোম্পানীকো পানীৰ দৰত ষড়যন্ত্ৰমূলক ভাৱে ব্যক্তিগত বা বহুজাতিক পুঁজিপতিৰ হাতলৈ তুলি দিয়াৰ অভিযোগ আছে। এইদৰে ৰাজহুৱা কোম্পানী বিক্ৰী কৰাৰ বাবেই বিগত সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰ তীব্ৰভাৱে সমালোচিত হোৱাৰ পাছতো নতুন চৰকাৰে একেই পথেৰে নিবিনিয়োগৰ ক’লা অধ্যায় পুনৰ আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছে।
এইদৰে কোনো চৰকাৰী কোম্পানী কম দামত হাতলৈ তুলি দিয়া, কোনো কোম্পানীৰ সুবিধাৰ্থে আৰু চুপাৰ প্ৰফিট আহৰণ কৰিব পৰাকৈ নীতি নিৰ্ধাৰণ কৰা, মন’পলি মাৰ্কেট উপহাৰ দিয়া, নীতি-নিয়
তিৰ আধাৰত সেই বিশেষ ক্ষেত্ৰৰ বজাৰ মুকলি কৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত নকৈ কিনি লোৱা ব্যক্তিগত খণ্ডই এই বজাৰত একচেতীয়া মন’প’লি চলোৱাৰ সুবিধা লাভ কৰে। আনকি চৰকাৰে বিকাশ কৰি ৰখা ভূ-সম্পদ সমূহৰ বজাৰ মূল্য সঠিক ৰূপত বিত্তীয় প্ৰতিবেদনৰ ভিত্তিত হোৱা মূল্যায়নত প্ৰতিফলিত কৰা নহয়। সেয়ে বহু হাজাৰ কোটি টকীয়া প্ৰতিশ্ৰুতি সম্পন্ন কোম্পানীকো পানীৰ দৰত ষড়যন্ত্ৰমূলক ভাৱে ব্যক্তিগত বা বহুজাতিক পুঁজিপতিৰ হাতলৈ তুলি দিয়াৰ অভিযোগ আছে। এইদৰে ৰাজহুৱা কোম্পানী বিক্ৰী কৰাৰ বাবেই বিগত সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰ তীব্ৰভাৱে সমালোচিত হোৱাৰ পাছতো নতুন চৰকাৰে একেই পথেৰে নিবিনিয়োগৰ ক’লা অধ্যায় পুনৰ আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছে
একেদৰেই সংবিধানে প্ৰদান কৰা বিশেষ ৰাজ্যৰ মৰ্যদাক ক্ষুণ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা, সংবিধান প্ৰদত্ত ব্যৱস্থাৰ ভিতৰতে অঞ্চলসমূহৰ বিকাশ কৰাতকৈ কলুষিত ৰাজনীতিৰ সৃষ্টি কৰি জনতাৰ সৈতে খেলা কৰা শক্তি সমূহকো ৰাইজে চিনিব লাগিব। অসমৰ দৰে প্ৰাকৃতিক সম্পদেৰে ঐশ্বৰ্যশালী ৰাজ্যৰ বাবে ভূমি আৰু খনিজ সম্পদৰ অধিকাৰ নিশ্চিত কৰা ৩৭১(ক)ৰ দৰে বিশেষ ব্যৱস্থাৰ বাবে বাওঁদল সমূহে তুলি ধৰা দাবীৰ প্ৰতি দল-মত-নিৰ্বিশেষেই সমৰ্থন জনোৱাৰ প্ৰয়োজন আছে। একক ৰাষ্ট্ৰশক্তি বা হিন্দী বলয়ৰ শক্তিৰ আগত দোঁ-খাই থকা চৰিত্ৰতকৈ ক্ষুদ্ৰ জনজাতীয়-জনগোষ্ঠীয় লোক সকলৰ পৰিচয়, সত্তা-সংস্কৃতি, ভূমিৰ অধিকাৰ, আত্ম-নিয়ন্ত্ৰণৰ প্ৰশ্নত কোন দলে আন্তৰিকতাৰে কাম কৰিছে বা জনজাগৰণৰ সৃষ্টি কৰিছে আমি নজৰ ৰাখিব লাগিব। ক্ষুদ্ৰই হওক বা ডাঙৰ, ধৰ্মীয় সংখ্যালঘু গোট সমূহৰ কল্যাণো যাতে সম হাৰত হয় সেয়া নিশ্চিত কৰিব লাগিব। উগ্ৰপন্থী হৈ এতিয়াও বন্দুক হাতত তুলি ৰখা আৰু বন্দুক নমাই আলোচনাৰ মেজলৈ অহা সকলৰ প্ৰতি সৌহাদ্যপূৰ্ণ প্ৰদৰ্শন কৰি নায্য দাবী সমূহৰ সমাধানৰ বাবে কাৰ্যব্যৱস্থা কোনে গ্ৰহণ কৰিব সেয়াও চিহ্নিত কৰিব লাগিব। জনজাতীয় উন্নয়নৰ বাবে অহা হাজাৰ হাজাৰ কোটিৰ ধন, মাওবাদী অঞ্চলৰ উন্নয়নৰ বাবে অহা ধনৰ সোঁতৰ লুণ্ঠন কৰি নিজৰ পেট ভৰাই ৰখাৰ স্বাৰ্থতে এনেবোৰ উগ্ৰপন্থী সংগঠনৰ সমস্যাক জীয়াই ৰাখিবলৈ বিচাৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ নৱ-প্ৰজন্মই দিবই লাগিব। সুলভ মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান, নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কমাই সকলো পুঁজিপতি বেপাৰী লুণ্ঠনৰ থলি হ’বলৈ আগবঢ়াই দিব বিচৰা পদক্ষেপবোৰৰ প্ৰতিও সচেতন হব লাগিব। নীলা কেৰাচিন বন্ধ কৰা, দুখীয়াৰ বাবে গৃহ, অনাময়, খাদ্য আদিৰ বাবে দিয়া ধনৰ কৰ্তন কৰাৰ বাবে নতুন চৰকাৰৰ বিত্তমন্ত্ৰীয়ে লোৱা পদক্ষেপবোৰকো স্পৰ্শকাতৰ দৃষ্টিৰ।
       

লেখক-আকাশ ঘোষ (বোকাখাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)