সপোন এৰি বাস্তৱক চা

Rinku Rajowar
0
হেৰ, স্বাধীনতা ভালপোৱা 
মোৰ দেশৰ মানুহ ---------
দাসত্বৰ বান্ধোন খুলি 
মূৰ তুলি চা বিশাল আকাশলৈ ।
আজুৰি আন তোৰ 
প্ৰাপ্তিৰ অধিকাৰ -----------
কুঁৱলীৰ আচ্ছাদন ভেদি 
নমাই আন প্ৰশান্তিৰ ৰ'দ ।
জালিকটা জোনাক 
তোৰ পাপ্য নহয়-----------
নহয় মঞ্চৰ ড্ৰপচিনত
মুদ্ৰাৰ কুশীলৱ -------------।
দুহাত প্ৰসাৰি লৈ আন
তোৰ জন্মচৰ্ত অধিকাৰ  ।
যদি বিচাৰ সেউজীয়া 
জীৱনৰ ৰঙীন সোপান ।
তোৰটো জীৱন দুদিনীয়া 
ধৰাৰ ভৱিষ্যৰ কথা ভাব ।
য'ত থাকিব পাৰে প্ৰজন্মই
এজোপা গছৰ তলত 
মূৰ দাঙি চিৰ জীৱন 
শান্তিৰে জীয়াই ---------  ।


হেমন কুমাৰ চাচনি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)