আখৰা

Rinku Rajowar
0
এইমাত্ৰ বুকুখনত ধপধপনি তুলি
মোৰ শৰীৰৰ পৰা মই ওলাই অাহিলো ।
মই চাই আছো-শৱটো বিচনাত পৰি আছে ।
প্ৰেম অথবা অৱলম্বন হেৰুৱাৰ বেদনাৰে
পত্নী-পুত্ৰৰ কান্দোনত গছৰ পাত সৰিছে ।
সৌৱা চুবুৰীয়া দুজনমানে শৱটো ভিতৰৰ পৰা
উলিয়াই নি বগা কাপোৰেৰে ঢাকি
চোতালৰ মূৰত থৈ দিছে ।
পলে পলে শুভাকাংখীৰ সংখ্যাই
চোতালত পূৰণ অংকৰ মেলা পাতিছে ।
মই শুনি আছোঁ-তেওঁলোকৰ শ্ৰীমুখৰ পৰা
অনেক বিশেষণীয় বিশেষণৰ শাব্দিক তৰংগ ।
কেইজনমানে এখন কেঁচা বাঁহৰ চাং আনি
মোৰ শৱটো তাৰ ওপৰত তুলি দিছে ।
মই চাই আছোঁ-পুত্ৰসহ দুজনে
চাৰি কান্ধত চাংখন উঠাই লৈ
মৰিশালিলৈ লৈ  গৈছে ।
পিছে পিছে শুভাকাংখীৰ শাৰী ।
ওৱা ! চিতা দেখোন কোনোবাই
তৈয়াৰ কৰিয়েই থৈছে ।
চিতাৰ চাৰিওফালে সাত পাক ঘূৰাই
শৱটো চিতাত তুলি দিছে ।
সৌজনে বিবস্ত্ৰ কৰি শৱৰ ওপৰত
আৰু খৰিৰ জাপ সাজিছে।
এমুঠা খৰিৰ আগৰ জুইৰে বৰপুত্ৰই
মুখাগ্নি কৰি চিতাৰ তলত জুই লগাই দিছে ।
মই চাই আছোঁ- ঘিঁউৰ পৰশত
জুইকুৰা দপদপকৈ জ্বলি শৱটো
এতিয়া ছাইত পৰিণত হৈছে ।
হঠাৎ এজাক ধুমুহাই চিতাৰ ছাইবোৰ
যেনি-তেনি উৰুৱাই লৈ গৈছে ।
এতিয়া এজাক মুষলধাৰ বৰষুণ,
মানুহবোৰ ঘৰাঘৰি গ'ল ।
বৰষুণৰ পানীয়ে অৱশিষ্ট ছাইখিনি
উটুৱাই নি চিতাৰ ঠাইখন
চিন-চাব নোহোৱা কৰি পেলালে ।
তাত এতিয়া একো নাই ।
মই কেৱল 'মই' হৈ এতিয়া
মোৰ নিগাজী পামত,
য'ত চাৰিওফালে কেৱল
শূন্যতা, শূন্যতা মাথো শূন্যতা ।
সহজাৰ্থত এইয়া আছিল 
মোৰ ভৌতিকতাৰ শেষ যাত্ৰাৰ আখৰা ।

  সৌৰভ কুমাৰ বৰুৱা,
             উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)