শ্ৰমিকৰ জীৱন

Rinku Rajowar
0
এজন শ্ৰমিকৰ জীৱন
নাই বুলিবলৈ ভাগৰ
নাই বুলিবলৈ জিৰণি
নাই বুলিবলৈ বেমাৰ
ৰ'দ বৰষুণ কাটি কৰি
আমি কৰো আমাৰ কামজাৰি
এটি কলি দুটি পাত টুলি
ভৰাও আমাৰ মুৰত আৰু পিঠিত থকা ঝলি(মোনা)টো
এটাই উদ্দেশ্য আমাৰ সময়মতে ওজন দিয়া
হাজিৰা বহীত নাম উঠোৱা
মাজে মাজে ৰঙা লুণীয়া পানীৰ সুৱাদ
ই বঢ়াই আমাৰ দেহৰ সতেজতা
কমাই আমাৰ চিন্তা কৰাৰ শক্তি
কেতিয়াবা দেহাটোৰ ৰঙ হয় জুইয়ে পুৰি কোলা কৰা
কেৰাহীৰ তলিটোৰ দৰে
পুনৰ বৰষুণ পানীৰে হয় অলপ সতেজ
সলেও নাপাও আমি আমাৰ জীৱনৰ মুল্য 
নাম পাও বাগানীয়া কুলি।

                  ময়ুৰী ৰাজোৱাৰ
                 শিৱসাগৰ,নাজিৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)