ভাল পোৱা অৰ্থত এইটোৱেই স্বভাৱিক কথা

Rinku Rajowar
0
এতিয়া তোমাক কেনভাচত তুলি ধৰোঁ 
বুলি কলে
হাঁহি হাঁহি বিদায় দিব পাৰিবানে
অতীতৰ কিছু কথা 
য’ত বসন্তৰ বা লাগি পুষ্পিতা হৈছিল
তোমাৰ কামনাত ৰাঙলী হৃদয়খন৷

ভালপোৱা অৰ্থত
এইটোৱেই স্বভাৱিক কথা
ৰঙ বিৰঙৰ সপোনৰ মৃত্যু হোৱাৰ কোনো
কাৰণ নাথাকে ৷

তোমাৰ হাতত যদি বিশ্বাসে ভিৰ কৰিছে
দীঘল ৰাতিটোও চুটি হোৱা ইচ্ছাত
মাজৰাতিও তুমি সাৰে থাকিব বিচৰা 
তেন্তে বলানা
আমি এখন নদীহৈ পৰো
বুকুৱে বুকুৱে উশাহবোৰ বাঢ়ি
দীঘল হৈ পৰিব
তোমাক কাষত পোৱাৰ উলাহত ৷
--------------------------------------------------------
                 জিতেন চেতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)