ব্ৰিটিছে ভাৰতবৰ্ষত শাসন কৰি থকা কালতেই বিশ্ব জণগণে আজিও পাহৰিব নোৱাৰা দ্বিতীয় মহাসমৰ বা বিশ্ব যুদ্ধৰ সূত্ৰপাত ঘটিছিল ১৯৩৯ চনত। দ্বিতীয় মহাহমৰ হৈছিল ইংৰাজ নেতৃত্বাধিন মিত্ৰ বাহিনী আৰু ইটালি,জাপান জাৰ্মেনিৰ সংযুক্ত বাহিনীৰ মাজত।এই মহাসমৰৰ ভৰপক সময়ত জাপানী সৈন্যই ইংৰাজ মিত্ৰ বাহিনীৰ অধীনত থকা দক্ষিণ-পূৱ এছিয়াৰ দেশবোৰ ইখনৰ পিছত সিখনকৈ দখল কৰি লৈ ইংৰাজ বাহিনীৰ শাসন থকা ভাৰত ভূমিৰ দিশে আগবাঢ়িছিল। জাপানী সৈন্যৰ উৎপাতত থৰকাচুটি হেৰুৱাইছিল ভাৰতত থকা ইংৰাজ বাহিনীয়ে। ১৯৪২ চনৰ মাৰ্চ মাহৰ ৬ তাৰিখে জাপানী সৈন্যই আগুৱাই আহি ব্ৰক্ষদেশৰ "ৰেংগণ" চহৰ অধিকাৰ কৰেহি।লগতে মিত্ৰ সেনাৰ সামৰিক ঘাটিবোৰলৈ যোৱাৰ সকলো পথেই বন্ধ কৰি দিয়ে। তাৰ পাছত জাপানী সৈন্যই ব্ৰক্ষদেশৰ লেচিঅ' ৰে'ল ষ্টেচনৰ পৰা চীনৰ কুনমিং চহৰলৈকে থকা ৭০০ মাইল দৈঘ্যৰ "বাৰ্মা ৰ'ড" বন্ধ কৰি দিয়াত মিত্ৰ বাহিনীয়ে চীনা সৈন্যলৈ ৰচদ পাতি যোগান ধৰাৰ সকলো উপায় মুদা মৰে।
জাপানী শক্তিৰ প্ৰতাপত তত্-ভত্ হেৰুৱা ইংৰাজ নেতৃত্বাধীন মিত্ৰ বাহিনীয়ে তেতিয়া জাপানক এসেকা দিয়াৰ লগতে পাৰ্ল হাৰ্বাৰৰ আক্ৰমণৰ পোটক তুলিবলৈকে এটি স্থল পথ নিৰ্মাণ কৰাৰ কথা ভাবে। যাৰ জৰিয়তে যুদ্ধৰ বাবে প্ৰয়োজনীয় সামৰিক সহায়ৰ লগতে ৰচদপাতি চীনা সৈন্যক যোগান ধৰিব পাৰিব।সেই উদ্দেশ্যেই ইংৰাজ চৰকাৰে অসমৰ পৰা ব্ৰক্ষদেশলৈ আৰু তাৰ পৰা মৌগাং হৈ মাচ-চি-নাৰ পৰা ভামো নগৰলৈ "বাৰ্মা ৰ'ড" সংযোগী এক পথৰ নিৰ্মাণৰ কামত ততাতৈয়াকৈ অনুমোদন জনায় যাতে চীনৰ কুনমিং চহৰলৈ গৈ চীনা সৈন্যক ৰচদপাতি যোগান ধৰিব পাৰে।
ইংৰাজ নেতৃত্বাধীন মিত্ৰ বাহিনীত যথেষ্ঠ চীনা সৈন্য আছিল। লগতে চীনা অধিশ্বৰ "চিয়াং কাই চেক" ইংৰাজৰ বুকুৰ কুটুম আছিল।ইংৰাজসকলে ভালদৰে জানিছিল যে জাপানক নিশকতীয়া কৰিবলৈ হ'লে জাপানৰ যুদ্ধাক্ৰমণ চীনৰ ভূমিতেই আবদ্ধ কৰিব লাগিব।আৰু ভৱিষ্যতে জাপানৰ মূল ভূখণ্ড আক্ৰমণ কৰিবলৈ হ'লেও চীন দেশৰ মাটিৰ পৰাই সেই কাম সমাধা কৰিব লাগিব । সেয়েহে দ্বিতীয় মহাসমৰৰ সময়ত চতুৰ ইংৰাজ চৰকাৰে এই পথ যাক পূৰ্বতে "লিডু ৰ'ড" বোলা হৈছিল তাৰ নিৰ্মাণ কাৰ্যৰ বাবে যুদ্ধ গতিত প্ৰস্তুতি চলাই।
এই পথটিৰ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে ইংৰাজ চৰকাৰে যোৰহাটত থকা পলিটিকেল অফিচাৰ "ই-ডি-টি লেমবাৰ্ট"ক বদলি কৰি মাৰ্ঘেৰিটাত নিযুক্তি দিয়ে। পলিটিকেল অফিচাৰ লেমবাৰ্টেক অসমৰ পৰা চৌকান গিৰিপথেদি মৌগাঙলৈ যোৱাৰ এটা সাম্ভাব্য পথৰ জৰীপ চলালে।পলিটিকেল অফিচাৰ লেমবাৰ্টে কৰ্ণেল হেইন্সৱৰ্থৰ লগলাগি তিনিচুকীয়াৰ দিনজানৰ পৰা আকাশী পথেৰে পথৰ সাম্ভাব্য অৱস্থান নিৰ্ণয়ৰ বাবে নদিহিং নদীৰ সৈতে মগানটঙৰ সংযোগী স্থলৰ পৰা আৰম্ভ কৰি দিয়ুন নদীৰ পাৰে পাৰে পাটকাই পাহাৰ হৈ চৌকান গিৰিপথলৈ জৰীপ চলায় একেদৰে আন এজন পলিটিকেল অফিচাৰ কেপ্তেইন এবি ৱাৰ্ডেও স্থল পথেদি জৰীপ চলাইয়।
পলিটিকেল অফিচাৰ ই-ডি-টি লেমবাৰ্ট আৰু এবি ৱাৰ্ডে চলোৱা এই জৰীপ অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত তিনিটা পথৰ পৰামৰ্শ দিয়া হয়। প্ৰথমটো- লিডুৰ পৰা নাম-চিক হৈ মিয়াওৰ পৰা নদিহিং নদীৰ সোঁ বা বাঁও পাৰেদি চৌকান গিৰিপথলৈ ।দ্বিতীয়টো- লিডুৰ পৰা মাচুম হৈ নদিহিং নদীৰ ঠিক দক্ষিণমুৱা এঢলীয়া ঢাপেদি চৌকান গিৰিপথলৈ।তৃতীয়টো- লিডু-মাচুম-ৰাংঘেপ হৈ মূল পাটকাই পাৰেদি চৌকান গিৰিপথলৈ।
কিন্তু পিছত মাৰ্কিন সেনাৰ জীপ যাব পৰাকৈ লিডুৰ পৰা "পাং চাও পাছ" বা "পাংচুপাচ" হৈ ব্ৰক্ষদেশৰ শিমকুইয়াং নামৰ ঠাইলৈ পূৰ্বে থকা লুংলুঙীয়া গোৱাটোক ছয় ফুট। বহলাই সহযোগী পথটোকে যুদ্ধ গতিত নিৰ্মাণ কৰাৰ পৰামৰ্শ দিয়া হয়। বাৰিষাৰ বতৰতো সৈন্যবাহিনীক ৰচদপাতি যোগান অব্যাহত ৰাখিবলৈ এই পৰামৰ্শ দিয়া হৈছিল।
প্ৰাৰম্ভিক কাম-কাজ চলি থকা ছয় মাহ পাছতেই শদিয়াৰ সীমান্ত অঞ্চলৰ আনি আন এজন পলিটিকেল অফিচাৰ "জি-ই-ডি ৱাৰ্লক"ক পথৰ নিমাৰ্ণ কামত নিযুক্তি দি পূৰ্বৰ পলিটিকেল অফিচাৰ ই-ডি-টি লেমবাৰ্টক অন্য ঠাইলৈ বদলি কৰা হয়। আৰু এই নতুন পলিটিকেল অফিচাৰ ৱাৰ্লকে সহযোগী পথটোকেই মূল পথৰূপে নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে যাতে নিৰ্মানত সময় আৰু শক্তি দুয়োটাই ৰাহি হয়।
নতুন পলিটিকেল অফিচাৰ ৱাৰ্লকৰ নেতৃত্বত ১৯৪২ চনৰ মাৰ্চৰ পৰা "লিডু ৰ'ড" নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই পথ নিৰ্মাণ কৰিবলৈ অৰুণাচলৰ লোহিত আৰু চিয়াং জিলাৰ পৰা ১১৬০ জন শ্ৰমিক অনাইছিল পলিটিকেল অফিচাৰ ৱাৰ্লকে। আৰু এওঁলোকেও যুদ্ধ গতিত হাতে-কামে লাগি পথ নিৰ্মাণ কৰিছিল যদিও ১১ মাৰ্চত শ্বিলঙৰ পৰা নতুন পলিটিকেল অফিচাৰ ৱাৰ্লকে দিয়া পৰামৰ্শ মতে সহযোগী পথটোকেই মূল পথৰুপে নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে। ১৬ মাৰ্চত পলিটিকেল অফিচাৰ ৱাৰ্লকে শ্বিলঙৰ আদেশ মতেই মিয়াও পৰ্যন্ত পোৱা শ্ৰমিক দলটোক নামপঙলৈ পঠিয়াই দিয়ে পথ নিৰ্মাণ কৰিবলৈ।
ৱাৰ্লকে শ্ৰমিক দলটোক নামপঙলৈ পঠিয়ালেও পথৰ কাম এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হয়। এই পথটো আমেৰিকান নিগ্ৰো সৈন্য ২৮ হাজাৰ,চীনা-বাৰ্মা-ভাৰতীয় সেনা প্ৰায় ৩৫ হাজাৰ লগলাগি যুদ্ধ গতিত নিৰ্মাণ কৰিছিল। এওঁলোকৰ ওপৰিও অসমৰ মাকুম জংচনৰ পৰা আৰু য়ুনান-বাৰ্মা দহ হাজাৰ চীনা,ন্যুং আৰু কাচিন শ্ৰমিক পথ নিৰ্মাণত ভাগ লোৱাৰ বিপৰীতে অসমত "আচাম ৰে'লৱে এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড"ৰ তত্ত্বাবধানতাটো কিছু কিছু অংশত কাম চলিছিল।
এই পথৰ অসম অংশটো কেইবাটাও ভাগত কাম কৰা হৈছিল। অসমৰ মাকুম জংচনৰ পৰা মাৰ্ঘেৰিটা ৰে'ল দলঙলৈকে অসম গড়কাপ্তানি বিভাগ, মাৰ্ঘেৰিটাৰ পৰা লৈখাপানীলৈকে অসম ৰাইফলচৰ সেনাই কামৰ ভাৰ লৈছিল। অসম চাহ কোম্পানীৰ অধীনস্ত নামডাং,মাকুম,মাৰ্ঘেৰিটা,লিডু আদি এলেকাৰ পথ নিৰ্মাণত চাহ বাগিচাৰ বনুৱাসকলক লগোৱা হৈছিল। উল্লেখ্য যে ইংৰাজসকলে এই পথ নিমাণ কৰা কাৰ্যত মাৰ্ঘেৰিটা আৰু টিৰাপ অঞ্চলৰ জন-জাতিসকলে অকুণ্ঠ সমৰ্থন জনাইছিল। চিংফৌ ৰজা "বীচা লাদৈ"ৰ সহযোগিতাই পলিটিকেল অফিচাৰক উৎসাহ যোগাইছিল। চিংফৌ নেতা ড্যুং-চা-ন্যুং,আইতন জনগোষ্ঠী আইকিয়া হাখাপ প্ৰভৃতি ব্যক্তিসকলৈ বনুৱা দি আৰু নিজেই ৰচদপাতি সংগ্ৰহ কৰি নি সৈন্যসকলক যোগান ধৰি পথ নিৰ্মাণত পৰোক্ষভাৱে হ'লেও সহায় কৰিছিল।
উক্ত পথটিৰ মাত্ৰ ৪০ মাইল নিৰ্মাণ হোৱাৰ পাছতেই জাপানী সেনাৰ বোমাবৰ্ষণ, প্ৰবল বৰষুণ,বন হিংশ্ৰ জন্তুৰ উৎপাত ,মেলাৰিয়াৰ প্ৰাদুৰ্ভাৱ, শ্ৰমিক আৰু সা-সৰঞ্জামসমূহ বিমান ঘাটি নিৰ্মাণৰ বাবে লৈ যোৱাত প্ৰায় স্থবিৰ হৈ পৰে। কিন্তু ইতিমধ্যে মে' মাহ মাহতৰুছভেল্টৰ প্ৰতিনিধিৰূপে চীনৰ তেতিয়াৰ ৰাজধানী চ্যুংকিনত উপস্থিত হোৱা "ছাৰ যোছেফ উইলিয়াম (উৱাৰেণ্ট) ষ্টীলৱেলে ২২ জুনত জাপানৰ কঁকাল ভাঙিবলৈ "চীন-বাৰ্মা-ভাৰত কৰ্মক্ষেত্ৰ" স্থাপন কৰে যাক ইংৰাজীত কোৱা হৈছিল " China - Burma - India thear " । তেখেতে প্ৰায় তিনি হাজাৰ বছা বছা সৈন্যৰে গোট গঠন কৰি দ্বিতীয় মহাসমৰক এক নতুন মূৰ দিছিল।
১৯৪২ চনতৰ অক্তোবৰ মাহত এই লিডু ৰ'ড নিৰ্মাণৰ ভাৰ আমেৰিকান সামৰিক অভিযন্তাসকলে গ্ৰহণ কৰে। যাৰ মুখ্য বিষয়া আছিল নিজেই দ্বিতীয় মহাসমৰক এক নতুন ৰূপ দিয়া ছাৰ যোছেফ ষ্টিলৱেল।
বাৰিষাৰ অন্ত পৰাত আৰু দৃঢ়প্ৰতিজ্ঞ আমেৰিকান অভিযন্তাসকলে অতি খৰতকীয়াভাৱে পথ নিৰ্মাণত শ্ৰমিকসকলক খটুৱাই প্ৰায় ৮২ মাইল অতিক্ৰম কৰে মেজৰ জেনেৰেল লুইজ এপ্ৰিক নামৰ এগৰাকি অভিযন্তৰ নেতৃত্বত প্ৰায় ২০০ জনীয়া এটা অভিযন্তাৰ দলে লগলাগা গোটেই পথটোৰ নিৰ্মাণৰ কাম তদাৰক কৰিছিল।
দুৰ্ভাগ্যবশতঃ ১৯৪২ চনৰ ১ ডিছেম্বৰত সমগ্ৰ ব্ৰক্ষদেশখনেই জাপানী সৈন্যৰ কবলত পৰাত পথ নিৰ্মাণত জটিলতা আহি পৰে।১৯৪৩ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা কিউফেক সন্মিলনৰ যেতিয়া South East Asia Command গঠন কৰি ১৯৪৪ চনৰ প্ৰাৰম্ভিকত ব্ৰক্ষদেশ প্ৰত্যাক্ৰমণ চলোৱাৰ সিদ্ধান্ত লোৱা হয় তেতিয়া লিডুৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাত আগতকৈও শক্তিশালী ৰূপত সাময়িক কায়দাৰে পথ নিৰ্মাণৰ বাবে কাম চলোৱা হয়। চিনা সৈন্যই সন্মুখৰ পৰা জাপানী সৈন্যক যুদ্ধ কৰি উফৰাই গৈ থাকিল,পাৰ্শ্বৰূপত চীনা বা আমেৰিকান সৈন্যৰ পহৰা চলিল।আকাশী পথেদিও বিমান আক্ৰমণে মিত্ৰ সেনাই শত্ৰু সেনা জাপানী সেনাক ছেদেলি-ভেদেলি কৰি মিত্ৰ শক্তি আগবাঢ়িল বাৰ্মা হৈ কুনমিং অভিমুখে ।চীনা সৈন্যৰ কাষে কাষে মাইন সন্ধানকাৰী,পথ জোখ-মাখ কৰা অভিযন্তা,বুলডজাৰ আৰু পিছে পিছে ৩৫০০বিশাল সৈন্য আৰু বনুৱা সংযোগী শ্ৰমিক দলে পাহাৰ খহাই শিল দি পথ বনাই গ'ল। উল্লেখ্য যে এনেদৰে পথ নিৰ্মাণ কৰি গৈ থাকোতে যিসকল সৈন্যৰ শত্ৰু সেনাৰ আক্ৰমণ নতুবা অন্য কোনো কাৰণত মৃত্যু হৈছিল সেই সকলৰ মৃতদেহবোৰ পথৰওপৰতেই কবৰ দি পথ নিৰ্মাণ কৰা হৈছিল বুলি এই লৈখকে বহুতে মুখে শুনিছো।
১৯৪৪ মাৰ্চ মাহত মিত্ৰ বাহিনীৰ সেনা আৰু বনুৱা দল পথ নিৰ্মাণ কৰি কৰি গৈ ব্ৰক্ষদেশৰ মৌগাং পায়হি। মৌগাং পাই মিত্ৰ বাহিনীয়ে ৩ আগষ্টত মা-চি-নাক দখল কৰে আৰু ঠাইডোখৰক এক সামৰিক ঘাটিৰূপে গঢ়ি তোলে। লগতে অসমৰ পৰা এডাল পাইপ লাইনো বহুৱায়। একে বছৰতে ১৫ ডিচেম্বৰত পুনৰ মিত্ৰ বাহিনীয়ে যুদ্ধ কৰি জাপানি সৈন্যৰ হাতৰ পৰা ভামো নগৰো উদ্ধাৰ কৰে(মাচ-চি-নাৰ পৰা ৮০ মাইল দূৰৰ)। বাৰ্মা ৰ'ড ৰ লগত লিডু ৰ'ড সংযোগ কৰি প্ৰায় ১১,৭৩৫ কিলোমিটাৰ হ'ল। নৱনৰ্মিত পথেদি অহা-যোৱা চলিল। ১৯৪৫চনৰ জানুৱাৰীত এই পথেদি লিডুৰ পৰা মিত্ৰ বাহিনীৰ পৃথমটো কনভয় চলিল বাৰ্মা অভিমুখে।
ঘন ঘন নলা,নদি ওখ ওখ পাহাৰৰ মাটি তথা ডাঙৰ শিলৰ পাহাৰবোৰত ডিনামাইতট ব্যৱহাৰ কৰি কৰি বনাওঁতে বনুৱাসকলে বহু দুখ-কষ্ট আৰু বিপদৰ সন্মুখীন হ'ব লগীয়া হৈছিল। এই পথটো সাজি উলিয়াওতে আমেৰিকান ডলাৰ ১৫ কোটি (তেতিয়াৰ হিচাপ আৰু মূল্যত) খৰচ হৈছিল।আমেৰিকাৰ পৰা জাহাজেৰে ব'লডজাৰ,ৰোলাৰ কালভাৰ্ট আনি অতি কষ্টৰে যুদ্ধ গতিত নিৰ্মাণ কৰা এই পথটো এসময়ত "দনি চিল্ক পথ" আৰূ লিডু ৰ'ড বুলি মানুহৰ মুখে মুখে প্ৰচলিত হৈছিল।
হাজাৰ হাজাৰ শ্ৰমিকৰ হাড়ভঙা শ্ৰম আৰু অবৰ্ননীয় কষ্টৰ বিনিময়ত নিৰ্মিত এই পথটো প্ৰথমে মিত্ৰ বাহিনীৰ ইংৰাজ চৰকাৰে নিৰ্মাণৰ কাম তদাৰক কৰিছিল যদিও পাছলৈ আমেৰিকান অভিযন্তাসকলে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিলে।সেয়ে চীনৰ সেনাধক্ষ্য তথা নেচনেলিষ্ট কুমিনটাং দলৰ অধ্যক্ষ জেনেৰেল "চিয়াং কাই ছেকে" এই পথটোৰ লগতে সেই সময়ত যুদ্ধৰ মূল মিত্ৰ বাহিনীৰ সেনাধক্ষ্য "ছাৰ যোছেফ ৱাৰেণ্ট (উইলিয়াম) ষ্টীলৱেলৰ সন্মানাৰ্থে এই পথটোৰ নাম "ষ্টীলৱেল পথ" নামাকৰণ কৰে।
জাপানী সৈন্যৰ উৎপাত প্ৰবল বৃষ্টিপাত,বোমা বৰ্ষন, মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ,মহ-ডাহঁ,জোক-পোক আদিৰ আক্ৰমণৰ মাজতো সুউচ্চ পাহাৰৰ কাষ কাটি কাটি সাহসেৰে পথ নিৰ্মাণ কৰা এই ইতিহাস এক কালজয়ী ঘটনা।এই পথটিৰ লগত অনেক স্মৃতি,অনেক ঘটনা আৰু অনেক অলিখিত ইতিহাস জড়িত হৈ আছে।
লেখক -বিতু বুঢ়াগোঁহাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ