তথাপিও আমি কণ্ঠৰূদ্ধ কৰা নাই

Rinku Rajowar
0
আৰু কিমান চিঞৰিবা কলিজা কঁপোৱা
প্ৰতিবাদী বিপ্লৱৰ গান !
শুনোতাই শুনে
ভাঁবোতাইও ভাবে
কিন্তু ;কাৰ্য়্যক্ষেত্ৰত সকলো ফুটুকাৰ ফেন ৷
বহুত দেখিলোঁ তেজ নদী হৈ বৈ যোৱা
বহুত শুনিলোঁ আত্মীয় হেৰুৱা শোকত নীৰৱ উচুপনি 
ক’তা;পৰিবৰ্তনৰ ছবিখন দেখোন
দূৰ অতীততেই ৰৈ গল ৷
হেপাঁহ আছিল নিজৰ মাটিতেই বাঢ়ি
অগাধ আশাত দুহাত মেলি আকাশ চোৱা
সেয়ে বিশ্বাসতেই সিঁচি দিছিলোঁ হাজাৰ হাজাৰ সপোনৰ বীজ৷
এই আশা এই বিশ্বাস এই সপোন
অন্ন বস্ত্ৰ বাসস্থান বাবেই আছিলনে
আমি প্ৰতিবাদমুখী ভোগৰভোগজৰা চুবলৈনে৷
উত্তৰবোৰ ৰাতি কলংকিত জোনটো দৰেই ফটফটীয়া
তথাপিও আমি কণ্ঠৰূদ্ধ কৰা নাই
শব্দ থকালৈকে
জিন্দাবাদ জিন্দাবাদ ধ্বনিৰে
আকাশ বতাহ কঁপাই
জীয়াই থাকিব বিচাৰোঁ
মোৰ দেশ মোৰ মাটিত৷
--------------------------------------------------------
        কবিঃ জিতেন চেতিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)