হ'ল সোণালী
অসমীয়া আই
লখিমী হাতেৰে
ভঁৰালত আগবঢ়াই
এগচি বন্তি
তাৰপাছত
সোণালী ধানেৰে
হ'ল ভঁৰাল চহকী
আহি পালেহি ভোগালী
ঢেঁকুৰ কুৰ কুৰ
ঢেঁকুৰ কুৰ কুৰ
ঢেকীৰ মাতে আকাশ ধৰা
ৰজন জনাই
আইতাই পাকঘৰত
পিঠা পনা ভজাৰ
সুৱাসে চৌপাশে
ভাগালী ভোগৰ বতৰা দিয়ে
ডেকসকলে ভেলাঘৰ
সজাত ব্যস্ত
কি খাম কি নাখাম
আজি উৰুকা ৰাতিৰ ভোজত
বিলত থৈছে পাতি চেপা ,জাল
সৱে সংগে মিলি ভোজ খাই
ভেলাঘৰতে ৰাতিটো কটাই
পুৱাতে নৈৰ চেঁচা পানীৰে
গা শীতলাই মেজিত জুই লগাই
আইয়ে দিয়া চিৰা দৈ , পিঠা পনা খাই
ৰংঘৰত পাতিছে কড়ী খেল , ম'হৰ যুঁজ চাবলৈ যাম
এইয়া আজি নাই
কোটি টকাৰে ৰমক জমক
ভেলাঘৰ সাজি
DJ বজাই বিলাতী মদ খাই
ভেকুলী নাচ নাচি
পালন কৰে ভোগালী বিহুতি
নাই কড়ী খেল , নাই ম'হ যুঁজ
মবাইলত পাপজী খেলাত
ব্যস্ত আজিৰ ডেকা চাম
বিহু হৈছে অসমীয়া
জাতিৰ পৰিচয়
এনেদৰে যদি
সলনি হয়
ক'ত থাকিব অসমীয়া
জাতিৰ পৰিচয়
সাতাম পুৰুষীয়া
পৰম্পৰা
বজাই ৰাখিম
লওঁ প্ৰণ এটি তুমি মই !!
কবি- দুলাল ৰবিদাস
অতি মনোৰম
ReplyDelete