যাত্ৰা

0
এদিন  হৈ আছিলি তই
মোৰ গা ঢকা ছোলা
ঘামি ঘামি এক দুগন্ধোময়
কিন্তু!!!
মনে নিবিচাৰিলে ঘৃণাত উপঙিবলৈ,

মই জানিব বিচাৰো
তোৰ হৃদয় কুঞ্জত
আছে নে মোৰ বাবে বিশাল হৈ
মই মোৰ সমস্ত সত্বাক
কপাই তুলিব পৰা কৈ
এটি ৰাগ মিঠা বহাগৰ।

পাৰিম নে আওৰাব
মোৰ ভাত-কাপোৰৰ কবিতা,

পাৰিম উদং হৃদয়ৰ পথাৰখনত
চিৰসেউজ হৈ উদ্ভাষিত কৰিব।

পাৰিম বাহ বনাব ঠিকনাৰ
শূণ্যতাৰ বাটৰ হাজাৰ খোজৰ
জীৱনৰ অন্তিম স্মৃতিৰ উৎস হব,



যদি সেইয়া হয়
অনাগত দিনত থাকিব তাত
নিৰন্তৰ আহ্বান
পূজাৰ নৈবদ্য চিৰশান্তিৰ কামনা।

✍ ননী গগৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)