আশা

Rinku Rajowar
0
তোমাক যিদিনা লগ পাম
শীতৰ ঠেৰেঙা লগা জাৰ হ'লেও
নিশাটো উজাগৰে কটাম
বুকুৰ হেপাহ উজাৰি
আমি দুয়ো পাতিম মনৰ কথা

তোমাৰ কাষতে বহি
হৃদয়ৰ প্ৰেম ঢালি
আঁকিম জীৱনৰ কেনভাচ

তোমাক যিদিনা লগ পাম
মোৰ যৌৱনৰ দুৱাৰেদি 
নামি আহিব ফাগুণ
ৰিব্‌ ৰিব এচাতি পছোৱাই
জোকাৰি যাব তোমাৰ সমস্ত সত্তাক
উন্মাদ হ'ব দেহ - মন
চঞ্চলা এখনি চিলা হৈ
বাধাহীনভাৱে উৰি যাব আমাৰ মন
দূৰ দিগন্তলৈ......!

কবি-বিতু বুঢ়াগোঁহাই
দুলীয়াজান , নিপক্‌ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)