মোৰ কোনো অভিপ্ৰায় নাছিল
তথাপিও তিতিলোঁ ৷
বৃষ্টিৰ বন্যাই ক্ৰমশঃ তিয়াই পেলাইছিল
এটি নিদ্ৰামগ্ন ৰাতি বুকুৰ খৰিকাজাই ফুলপাহ ৷
সেই সময়ত মোৰ ওচৰেপাঁজৰে
সকলো স্বভাৱিক আছিল
স্বভাৱিক নাছিলো মই
য’ত দুৰ সম্ভৱ তেওঁ কথাবোৰে
সেইসময়ত গুণগুণাইছিল কাণৰ ওচৰত
যাৰ বাবে মই অৱগাহন কৰিছিলোঁ
তেওঁৰ আলয়ত গোপনে ৷
নাজানো সেইদিনা কিয় ইমান মাতাল হৈছিলো
পাহৰণি বক্ষত
মাতাল হব পৰাকৈটো তেওঁ মোক একো দিয়া নাছিল ৷
এই কথাটো আছিল
তেওঁ মনত বেমেজালি সৃষ্টি কৰিব পৰা
ডাঙৰ অজুহাত
অজুহাততেই তেওঁ মোৰ হৃদয়খন উভালি খুদিত কৰিলে
দৰ্শনাৰ্থী সুবিধাৰ্থে এটি নগ্ন ভাস্কৰ্য ৷
সেয়ে এতিয়া আৰু মই কামনা নকৰোঁ
মনাকাশৰ মোহনাই দি নামি আহি বুকুৰ চোৱা
এজাক নিষিদ্ধ বৃষ্টি বন্যাৰ সুখ ৷
কাৰণ তেওঁ এপাহ ফুল হৈ আছিল
আৰু ফুল হৈ থাকক
মোৰ স্মৃতি পাতত ৷
-----------------------------------------------------------
কবি -জিতেন চেতিয়া ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ