পাৰ কৰিছো নিদ্ৰাহীন বহু ৰাতি,
এটি ভাল কবিতাৰ সন্ধানত....
বাৰে বাৰে কাষ চাপিছিলো,
মোৰ প্ৰিয় নদীৰ,
বিছাৰি নদীৰ বুকুত কুলুকুলু ধ্বনিত,
সৃষ্টি হয় নেকি এটি কবিতা প্ৰেমৰ...
কিন্তু সেই দিনা নদীখনো আছিল শান্ত,
ঠিক তোমাৰ দৰে,
নদীখনে জানিছিল মোৰ
মনৰ বতৰা......|
হাজাৰ কাহানী কঢ়িয়াই লৈ ফুৰা,
নদীখনে বুজিছিল মোৰ অশান্ত মনৰ কথা...
লাহে লাহে বেলি লহিয়ালে,
বিষন্নতা আৰু উদাহীনতাৰে উভটি আহিলো মই....
এৰি থৈ আহিলো নদীৰ বুকুত সন্ধানহীন কবিতাটি..!!
পুনৰ আজি মোৰ মনৰ চোতালত নামিছে,
এজাক জোনাকৰ বৰষুণ......
আন্ধাৰ আঁতৰাই জীৱন জিলিকাই তুলিছে,
মনৰ উল্লাসত লিখিবলৈ মন গল,
মোৰ নিৰুদ্দেশ হোৱা বাসনা...
টোপাল টোপাল কণিকাবোৰত লাগি আছিল,
তোমাৰ জিপাল পৰশৰ শব্দ কণিকা...
বগা কাগজত নিলা চিঁয়াহীৰে লিখিলো এটি,
মনৰ বতৰা......
ভালপোৱাবোৰ আকৌ জিলিকিছে ..
দুহাতৰ মুঠিত ওমলিছে হেপাঁহৰ ৰং...
তুমি আহিবা জানি
মোৰ কবিতাটো সাৰ পাইছে...
✍️ প্ৰিয়ংকা প্ৰিয়া ভূঞাঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ