চৰিত্ৰবোৰ কামুক হ'লে

Rinku Rajowar
0
এতিয়া সিহঁতৰ জোলোঙাত
কিছুমান অশ্লীল ছবিৰে পূণ’ কৰি তুলিছে ৷
চৰিত্ৰবোৰ কামুক হলে
এনেকুৱাই হয় 
সপোনতো মাতৃক নগ্নতা ৰূপত বিচাৰি ফুৰে ৷
ভাবিছিলো,
সিহঁতৰ ঈশ্বৰৰ নামতেই
যুগ যুগ পতিত জহন্নামৰ পৰা আমিবোৰে উদ্ধাৰ পাম ৷
হায় ভগৱান,
কি যাদু দণ্ডৰে পেশম ধৰেনো
দিল্লী দিছপুৰত
য’ত সভ্য চিন্তাৰে পদূলি নগচকাকে ফৰিং চিটিকা দিয়ে ৷

আচলতে সিহঁতৰ উপাস্য বেদীত
এজন উলংগ দেৱতা বহি থাকে
চৰণত আৱৰণ খুলি বহে
মগজুৰ সুষ্ঠ চিন্তাৰে 
অপণ’ হয় ধমান্ধতা ৷

জিতেন অসমীয়া (চেতিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)