ৰিঙিয়াই মাতেনে বন্ধু!
চুলিৰ মাজত ঢৌ খেলাই যোৱা,
আইৰ হাতৰ পৰশে
আমনি কৰেনে কেতিয়াবা !!
দিন গৈ মাহ সোমাইছে,
মাহ গৈ বছৰ সোমাইছে,
পৰিৱৰ্তনৰ বুকুৱেদি বৈ যোৱা
স্মৃতিৰ কোষৰ গহনত,
এতিয়াও ৰিণি-ৰিণি আছেনে বাজি,
আই মুখৰ নিচুকনি গীতৰ ধ্বনি !
ঢিমিক-ঢামাক লেমৰ পোহৰত স্বচ্ছ আইৰ মুখখনিৰ,
আধা-মেলা , আধা-মুদা চকুৰ লেন্সত,
বন্দী হোৱা অপৰূপ দৃশ্যটি,
হেন্দোলি হেন্দোলি ভাঁহি থাকেনে
তোমাৰ মনৰ কৰণিত!
সাপে মোট সলোৱাৰ দৰেই ,
সময়েও বাগৰ সলায়।
সময়ৰ সোঁতত ঢৌ খেলাই যোৱা,
নিচুকনি গীতৰ
এতিয়া অভাৱ নাই,
আইৰ মুখেৰে নিগৰা নিচুকনি গীতবোৰে,
হৃদয় শাঁত পেলাই
দুচকুলৈ নমাই আনিছিল সুখৰ নিদ্ৰা!
কিন্তু, আজিৰ বিয়াগোম নেতাৰ
নিচুকণি গীতবোৰে দিয়ে
হৃদয়ত ভীতি-বিহ্বলতা!
মনলৈ আনে সন্দিহানী প্ৰশ্ন!!
✍ নৱনীতা দত্ত (লক্ষীমপুৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ