সেউজবুলীয়া জীৱনৰ কথা

Rinku Rajowar
0
সেউজ চাহ বাগিচা খনে
বুঢ়া শিৰীষ জোপাই
বহু কথাই বুজি পায়।
নি:সংকোচে কবলৈ ধৰে
কাম কৰি পেট পোহপাল
দিয়া শ্ৰমজীৱী মানুহখিনিৰ
অন্তৰত থূপ খাই থকা
দুখ বেদনাৰে পৰিপূৰ্ণ হৈ থকা
জীৱন সংগ্ৰামৰ কথাখিনি।

ওৰে জীৱন জুৰি
চাহ গছক আদৰ সাদৰ কৰি
লালন পালন কৰি
মৰম বেথা বুজি
জগত বিখ্যাত কৰাই দিলে।

তাৰ পাছতো
একাপ ভাল চাহৰ চুমুক
দিয়াৰ সোৱাদকণ কোনেও নিদিলে
আজীৱন মাথোঁ শোষণ বঞ্চনা
লাঞ্ছনা তিৰস্কাৰহে দিলে।

লাইনৰ মাজে মাজে গ'লেই
মানুহখিনিৰ জীৱন যুদ্ধৰ
আচল ছবিটি দুচকুত
ভাঁহি আহিব।

সুযোগ পালে
সময় পালে অলপমান
বাগিচা খনৰ মাজলৈ আহিবচোন
বুঢ়া শিৰীষৰ ছাঁতে বহি
সুখ দুখৰ আলাপ কৰিম।

ভৰ দুপৰীয়া একেলগে বহি
ৰঙাচাহ এচুমুক দিম বৰ তৃপ্তিৰে 
ভাগৰুৱা অৱসাদ আঁতৰ কৰিবলৈ।

মাজে মাজে বাগিচাৰ লাইনৰ
গলিবোৰলৈ আহি থাকিবচোন
বিদ্যালয় খনলৈ এপাক মাৰিবচোন
শিক্ষাৰ অধিকাৰ আইন
বাল্য বিবাহৰ আইন, অপকাৰ
স্বাস্থ্য পৰিপুষ্টিৰ কথাবোৰ
আৰু শিশু সুৰক্ষাৰ কথাবোৰ
ল'ৰা ছোৱালী সকলৰ লগত আলাপ কৰিবচোন।

পাৰিলে বাগিচাখনৰ
আই মাতৃ সকলকো কবচোন।

বাগিচাৰ তিতা মিঠাবোৰ
জানিবলৈ, বুজিবলৈ আহিবচোন
বহু নজনা কথাও জানিব পাৰিব
শিকিবও পাৰিব
ওচৰলৈ চাপি আহিলে
জানিব, বুজি পাব
সহজ সৰল মানুহখিনিৰ
জীৱন বেথাৰ কথা।।।

কবি ---নবীন কুৰ্মি (সাপেখাতী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)