আহ্বান

Rinku Rajowar
0
জাগি উঠ যুৱ শক্তি দল
শুৱলৈ নাই সময়
জাতি-মাটি-ভেটি যাৱৰ হ'ল
তই হবি ভূমিহীন,ভাষাহীন.....!

এতিয়া এৰ তই ভোক-পিয়াহ নিদ্ৰা
বুকু আৰু পেটত জ্বালা-যন্ত্ৰণা লৈ 
স্বাধিকাৰৰ দাবীত যুদ্ধলৈ ব'ল,

শতৰুৱে চল পাই ডিঙিলৈ জপিয়াই
কিয় তোৰ চকু থাকিও অন্ধ...!
হাত-ভৰি থাকিও বিকলাংগ...!
শাসৰূদ্ধ আজি কিহৰ বাবে তই...!
দেখা নাই তোৰ চোতালতেই দপ-দপাই ফুৰিছে
বহিৰাগত বিলাকে বুকু ফিন্দাই,
তোৰ চকুৰ আগতেই কাঢ়ি লৈছে
তোৰেই জন্মস্বত্ব অধিকা...!


শুন হেৰ' শুন
হে অসীম শক্তি দল
স্বাধিকাৰৰ দাবীত যুদ্ধলৈ বল,
দাসত্বৰ শিকলি চিঙি
বৈষ্যমতাৰ শিকলি চিঙি
ওলাই আহ হেৰ'  যুৱ শক্তিৰ দল,
দেখুওৱাব লাগিব তোৰ বাহু বল
যুক্তিৰ আধাৰত
তোৰ পৰাক্ৰমত
এতিয়াই স্বজাতিক জগাইতোল
ৰজাৰ কূটিল ৰাজনীতিৰ
চক্ৰান্তত নাজাবি ভোল ।

হে নতুন  পুৰুষ
দেশৰ ভৱিষ্যত
জন্মভূমিৰ মাটিত নাগৰিকৰ ৰণহুংকাৰ
বিকৃত মগজুৰ স্বৰ্গদেউৰ 
আপোন ভাষা,জাতি,মাটি,ভেটি সস্তান্তৰ
পাঁচটি কেঁচা কলিজাত
তপত বুলেটৰ আঘাত
নিৰিহৰ তেজেৰে ৰাঙলী ৰাজপথ
জনতা জনাৰ্দনৰ বজ্ৰনিনাদ দেখিও
তোমাৰ দেহতো জ্বৰ ঘমাদি ঘমা নাইনে!
আকৌ শৰাইঘাটলৈ যাৱৰ মন  নাইনে!
তোমাৰ দেহৰ সিৰাই সিৰাই 
প্ৰৱাহিত হোৱা নাইনে লাচিত
আৰু মূলাগাভৰুৰ তেজ.....
জুই জ্বলা নাইনে তোমাৰ প্ৰাণত
জুই জ্বলা নাইনে তোমাৰ কলমত
 
মই জানো.....
মোৰ দেহত জ্বলা জুইকুৰা, তোমাৰ দেহতো জ্বলিছে
তোমাৰ সিৰাই সিৰাই প্ৰৱাহিত হৈছে 
লাচিত আৰু মূলাগাভৰুৰ তেজ....

তেন্তে ভয়-শংকা কিহৰ!
তুমি যদি অসমীয়া,খিলঞ্জীয়া
তুমি যদি লুইতপৰীয়া ডেকা 
তেন্তে ৰৈ নাথাকিবা
ব্ৰক্ষ্মপুত্ৰ-বৰাকৰ নিৰৱতি ভাঙি
হেংদাঙখনি হাতত খামুচি
তুমি ওলাই আহা, ওলাই আহা
জাতি,মাটি,ভেটি বচাবলৈ।

 কবি -- বিতু বুঢ়াগোঁহাই
 দুলীয়াজান, অসম
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)