নিষ্ঠুৰ নিয়তিৰ পৰিহাস

Rinku Rajowar
0
অ' মা চোৱাহি চোন আমি খেলি থকা ৰুমত জুই জ্বলিছে।মা'দেউতা ক'ত আছা তোমালোক আমাক বছোৱা।আমাক জুইয়ে চাৰিও ফালৰ পৰা আৱৰি ধৰিছে চা চোন ভাইটি।অ' দাদা মোৰ বৰ ভয় লাগিছে মোক সাৱতি ধৰ চোন।                           দাদা আইতা,আইতা ক'ত গ'ল?অ' আইতা,আইতা অ,ক'ত আছা আমাক বছোৱা।নহ'লে আমাক জুইয়ে পুৰী নিঃশেষ কৰি দিব।দাদা আমি দৌৰো ব'ল।                 এতিয়া আৰু দৌৰি লাভ নাই ভাইটি।জুই লেলিহান শিখায়ে আমাৰ শৰীৰটো দেই পুৰী আহিছে ভাইটি।এই ভাইটি আজি তোৰটো ৰ্বাথদে মা আৰু পাপাই কেক লৈ আহিব।নাই অ' দাদা আজি মোৰ ৰ্বাথদে আশা নকৰিবি,আজি আমাৰ দেড দে হে হ'ব যেন পাঁও।আমি আৰু বেছি সময় জীয়াই নাথাকিম ছাগে ভাইটি,নিষ্ঠুৰ নিয়তিৰ পৰিহাসৰ আগত আমি হাৰ মানিবই লাগিব।ভাইটি মোক সাৱতি ধৰি থাকিবি দেই।আহঃমা,পাপা আমাক বছোৱা।নাকান্দিবি ভাইটি আমি অজান দেশলৈ যাওগৈ ব'ল,আমাক বচাবলৈ আৰু কোনে নাহে।ঈশান আৰু ইবনৰ স্মৃতিক সোঁৱৰি মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস।

✍দীপাঙ্কৰ লাহন। (গহপুৰ) 
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)