বেবেৰিবাং

Rinku Rajowar
0
অসমীয়া সাহিত্যৰ চানেকিৰ প্রিয় পাঠক সকলক বৰ দুখেৰে জনাব খুজিছো যে - আপোনালোকে ইমানদিনে মোৰ কবিতা পঢ়িছে । পিছে বিশেষ এটা কাৰণত আজিৰ পৰা মোৰ কবিতা আৰু হয়তো কাহানিও পঢ়িবলৈ নাপাব । তাৰ বাবে কোনেও দুখ নকৰে যেন ।
যোৱা কালি এখন কবিতাৰ সভাত মই কবিতাৰ কথা ক'ব লগা হল । তাতেই ঘটিল দুৰ্ঘটনাটো ।  "শ্ৰদ্ধাৰ ৰাইজ, মই কবিতাক বৰ ভাল পাওঁ । কবিতা মোৰ বুকুৰ আপোন, হিয়াৰ আমঠু । কবিতাক বাদ দি মই এদিনো থাকিব নোৱাৰো । কবিতা মোৰ প্ৰাণৰো প্ৰাণ । কবিতাৰ অবিহনে মোৰ জীৱন অৰ্থহীন ।"
তেনেতে সভাত উপস্থিত থকা এজন বয়সীয়াল মানুহে মোলৈ খেদি আহিল - তই কতা নিধক ! মোৰ ছোৱালীক তই ভাল পাৱ  ? তোৰ নিচিনা ভিকহুলৈ মোৰ ছোৱালী দিম বুলি ভাবিছ ? চিনি পোৱা নাই বাপেৰক ?"
  এতিয়া আপোনালোকে বুজিছেই নহয়, আজিৰ পৰা মই কিয় কবিতা নিলিখো !

সৌৰভ কুমাৰ বৰুৱা
 উঃ লখিমপুৰ
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)