কিনো লিখিম

Rinku Rajowar
0
কিনো লিখিম তোমালৈ চিঠি
তুমি পাবা জানো বুজি?
মোৰটো নহয় তোমাৰ দৰে
মনোমোহা লিপি।
কিনো লিখিম মিছাঁতে মই
তোমাৰ নামত অকবিতা?
মোৰ দেখোন খঁৰা  খঁৰা ভাৱনা
য'ত নাই ৰসণ সনা কথা।
কিনো কম তোমাক
মোৰ সেই নেদেখা জনে
লিখা আধৰুৱা গাথাৰ গাথা?
য'ত নাই কোনো সুখ ,
য'ত নাই কোনো আপোন;
য'ত নাই কোনো প্ৰেয়সীৰ সংগ।
কিনো কম তোমাক!
কিনো শুনিবা তুমি?
কি বুলি ক'লে মোৰ মনৰ কথাক
বুজি পাবা বাৰু তুমি ?
পাৰিলে একো নোকোৱাকৈ এবাৰ মাত্ৰ এবাৰ!
বুজিবলৈ চেষ্টা কৰাচোন
এই অধম নামৰ নি:কিন পুৰুষ জনক।

কিৰণ জয় চাউদাং
জিলা ডিব্ৰুগড় (অসম)
নাহৰকটীয়া ,ঘিলাগুৰী গাঁও।
পিন নং-৭৮৬৬২১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)