সাম্প্রতিক কবিতা

Rinku Rajowar
0
জুই ধোঁৱাই
আকাশ বতাহ মুখৰিত কৰি
চৌদিশে জনতাৰ ৰণুৱা বেশত 
যুদ্ধং দেহি আহ্বান  
আমি কা(K A A)নামানো
স্বজাতিৰ হৃদয় বুজি নোপোৱা
বঙহৰ শতৰু অভিসন্ধিত
এইয়া অস্তিত্ব ৰক্ষাৰ যুঁজ ৷
শান্তি সমদলত তেজাল কলিজাৰ উচুপনি
শ্বহীদৰ বেশত হেৰাই গল পাঁচটি আধাৰুৱা কোমল স্বপ্ন
তথাপিও নুবুজে
নৰপিশাচহঁতে 
পে-কাডৰ্ৰ ভাষা ৷
শান্তি পৰিবতে অশান্তি বিয়পাই
জনতাৰ আশাত এইয়া তেওঁলোকৰ দুদান্ত শক্তিশেল
কাৰপুৰুষালি বিভীষণ
স্বণৰ্ৰ লংকাৰ ধ্বংস যজ্ঞত ঘিঁউ আহুতি দি
সুখ পাবিনে
শ্মশানত ৰাজ্যভিষেক পাতি ৷

জিতেন চেতিয়া (চাচনি নাহৰকটীয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)