নিজানৰ ফুল পাহি

Rinku Rajowar
0
সৌ দূৰণিত
এপাহি ফুল ফুলি আছিল।
সুবাস বিলাই
নৰৱে অকলশৰে।
মইটো জানাই?
উন্মুক্ত বহুৰঙী এজনী পখিলা বুলি।
পৰিলোগৈ উৰামাৰি,
চোহিবলৈ ফুলৰ ৰেণুক।
আহ:কি সোৱাদ,
কি সুবাস?
ওঁঠৰ পৰা সেই ফুল পাহিৰ
সুগন্ধী যোৱা নাই আজিও।
বিচাৰি ফুৰিছো,
কিজানিবা পূণৰাই পাৱে
তেনে পাহি ফুলৰ সুবাস।
কিজানিবা ফুলি আছেই
তেনেপাহি ফুল নিজানত আকৌ?
কিজানিবা মোৰে
অপেক্ষাকৃত হৈ বিলাইছে
পাৰে মানে সুবাস?


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)