হালধীয়া আৰু সেউজীয়াৰ
বিস্তীৰ্ন মখমলীয়া চাদৰ ।
অকোৱা-পকোৱা
ওখোৰা-মোখোৰা
ধূলিয়ৰী বাটেৰে
অকলশৰে আগবাঢ়িছো
সৌ গাওঁখনিলৈ ।
স্পৰ্শৰ সুখানুভূতিত
প্ৰতিটো খোজ
ধূলি আৰু প্ৰস্তৰখণ্ডৰ
মিঠা মিঠা চুমা
যেন অতীতলৈহে মোৰ যাত্ৰা ।
লাহে লাহে আগবাঢ়িছো-
হঠাত মোৰ সমস্ত
অনুভূতি থমকি ৰ'ল-
নিতাল নিস্তব্ধ
লেখমাত্ৰ ঢৌহীন
যেন এটা ফটফটীয়া
পানীৰ হ্ৰদ ।
প্ৰতিবিম্বিত তাত
প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাব ।
ঘূৰ্ণী বতাহে তচ-নচ কৰা
মোৰ শৰীৰৰ মূধচ ।
জীৱনৰ উদ্দেশ্যই বা কি ?
পুনৰ এখোজ দুখোজ-
গাওঁখনৰ সিমূৰে
বাটটো য'ত শেষ
তাতে থিয় হৈ সৌ চিনাকি
পাহাৰটোলৈ অপলক গহন দৃষ্টি ।
শিখৰত এতিয়া
বৰফৰ চোলা ।
ৰ'দালিৰ মৰমত
শুভ্ৰতাৰ চিকমিকনি ।
নামনিৰ ঢালত লঠঙা গছ
শুকান ঘাঁহৰ মাজত
এপাল ভেড়াৰ খাদ্য সন্ধান ।
বসন্তৰ আগমনত
বৰফবোৰ লাহে লাহে
আঁতৰি গ'ল ।
সমস্ত পাহাৰ এতিয়া
সেউজীয়া ফাকুগুৰিৰ
এখন এঢলীয়া দলিচা
খঁৰা শিয়াল আৰু
কাঞ্চনমতীহঁতৰ
হিয়া দিয়া নিয়াৰ
বাসন্তী উৎসৱ ।
আকাশ এতিয়া গোমা ।
পাহাৰত আউলি-বাউলি
বৰদৈচিলাৰ মমতাহীন
মোক্ষম আঘাত ।
গৰ্ভৱতী আকাশৰ
মেঘমল্লাৰ ৰাগ
মুষলধাৰ বৰষুণ আৰু
ব্ৰজপাতৰ সঘন নিৰ্মম প্ৰহাৰ ।
আকাশ এতিয়া মুকলি-
কত আচোঁৰ, কত নিষ্ঠুৰতা,
কত পৰিবৰ্তন-
তথাপি অলৰ-অচৰ ।
এৰা !
পাহাৰটোলৈ মোৰ বৰ ঈৰ্ষা
তাৰ দৰে বীৰ্যবান
নোহোৱাৰ দুখ ।
অনুভূতিত ধৰা দিছে-
তাতেই আছে মোৰ বাবে
এখন গোপন ঠাই
আলিবাবাৰ বিস্ময়কৰ
ৰত্নগুহাটোৰ দৰেই ।
জীৱন-মুক্তিৰ ৰহস্যৰ সন্ধানত
মই এতিয়া ধ্যানমগ্ন তাত ।
সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ